ভাৰতীয় বক্সিং দলত অসম সন্তান শিৱ থাপা
নিয়মীয়া বাৰ্তা, ৩জুনঃ অলিম্পিয়ান বক্সাৰ অসম সন্তান শিৱ থাপাই আগন্তুক কমনৱেলথ গেমছৰ ভাৰতীয় বক্সিং দলত স্থান লাভ কৰিছে৷ তেওঁৰ লগতে আন এগৰাকী তাৰকা বক্সাৰ তথা বিশ্ব চেম্পিয়নশ্বিপত পদক বিজয়ী অমিত পাংঘালেও স্থান লাভ কৰিছে ভাৰতীয় দলটোত৷ আজি ট্রায়েলৰ জৰিয়তে বক্সাৰদ্বয়ে কমনৱেলথ গেমছলৈ টিকট নিশ্চিত কৰে৷ ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অর্জন কৰা পাংঘালে ৫১ কেজি শাখাত আৰু শিৱ থাপাই ৬৩.৫ কেজি শাখাত স্থান লাভ কৰিছে৷ ২০১৫ৰ বিশ্ব চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক দখল কৰা শিৱই ট্রায়েলত মনীষ কৌশিকক ৫–০ৰ ব্যৱধানত শোচনীয়ভাৱে পৰাজিত কৰি কমনৱেলথ গেমছলৈ নির্বাচিত হয়৷ এই দুগৰাকী বক্সাৰৰ বাহিৰে ভাৰতীয় দলত স্থানপ্রাপ্ত আন ছগৰাকী বক্সাৰ হ’ল ক্রমে মহম্মদ হাছামুদ্দিন (৫৭ কেজি), ৰোহিত টকাছ (৬৭ কেজি), যোৱাবাৰৰ ৰাষ্ট্রীয় চেম্পিয়ন সুমিত (৭৫ কেজি), আশিস কুমাৰ (৮০ কেজি), সঞ্জীত (৯২ কেজি) আৰু সাগৰ (৯২ কেজি প্লাছ)৷ উল্লেখ্য যে অহা ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বার্মিংহামত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ৷