ভাৰতৰে ৫খন টেষ্ট খেলাৰ ইচ্ছা প্রকাশ ক্রিকেট অষ্ট্রেলিয়াৰ
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ চলিত বর্ষৰ শেষৰ পিনে গৃহভূমিত টীম ইণ্ডিয়াৰে ৫খনীয়া টেষ্ট মেচৰ শৃংখলা খেলাৰ ইংগিত দিছে ক্রিকেট অষ্ট্রেলিয়াই৷ চাৰিখন টেষ্ট আৰু তিনিখন এদিনীয়া মেচত অংশগ্রহণ কৰাৰ উদ্দেশ্যে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই চলিত বর্ষৰ শেষৰ পিনে অষ্ট্রেলিয়া ভ্রমণ কৰিব৷ অষ্ট্রেলিয়া আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টেষ্ট মেচৰ শৃংখলাটোত আৰু এখন টেষ্ট বৃদ্ধি কৰাৰ পোষকতা কৰিছে ক্রিকেট অষ্ট্রেলিয়াৰ মুখ্য কার্যবাহী বিষয়া কেভিন ৰবার্টছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সৈতে এটা ভাল সম্পর্ক থকা বুলি উল্লেখ কৰি ক্রিকেট অষ্ট্রেলিয়াৰ মুখ্য কার্যবাহী বিষয়াগৰাকীয়ে কয় যে নৱেম্বৰত অষ্ট্রেলিয়াত উপস্থিত হ’বলগীয়া টীম ইণ্ডিয়াৰে খেলিবলগীয়া চাৰিখনীয়া টেষ্ট মেচৰ শৃংখলাটো পাঁচখনলৈ বৃদ্ধি কৰিলে শৃংখলাটো অধিক আকর্ষণীয় হৈ পৰিব৷ উক্ত শৃংখলাটো পাঁচখনীয়া কৰাৰ বাবে বি চি চি আইলৈ অচিৰেই এক প্রস্তাৱ প্রেৰণ কৰিব বুলি উল্লেখ কৰি কেভিন ৰবার্টছে লগতে কয় যে মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি বি চি চি আইৰে এই সন্দর্ভত কোনোধৰণৰ আলোচনা কৰিব পৰা নাই৷ আশা কৰিছোঁ উক্ত চাৰিখনীয়া টেষ্ট শৃংখলাটো পাঁচখনলৈ বৃদ্ধি হ’ব আৰু এইক্ষেত্রত বি চি চি আয়েও সন্মতি জনাব বুলি আশাবাদী কেভিন ৰবার্টছ৷