নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা ক্রিকেট দলৰ প্রশিক্ষকৰ দায়িত্বত থাকিব ৰমেশ পাৱাৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ প্রাক্তন ভাৰতীয় স্পিনাৰ ৰমেশ পাৱাৰে ভাৰতীয় মহিলা ক্রিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব অক্ষুণ্ণ ৰাখিব৷ চুক্তি অনুসৰি এতিয়াও তেওঁৰ কার্যকাল শেষ হ’বলৈ এবছৰ বাকী আছে৷ উল্লেখ্য যে যোৱা বছৰৰ মে’ত প্রাক্তন ভাৰতীয় অ’পেনাৰ ডব্লিউ ভি ৰমণৰ স্থানত পাৱাৰক দুবছৰৰ বাবে মহিলা ক্রিকেট দলৰ প্রশিক্ষকৰ দায়িত্ব অর্পণ কৰা হৈছিল৷ কিন্তু নিউজিলেণ্ডত অলপতে সামৰণি পৰা মহিলা এদিনীয়া বিশ্বকাপত ভাৰতৰ হতাশজনক প্রদর্শনৰ পিছত ভাৰতীয় ক্রিকেট ব’র্ডে প্রশিক্ষকগৰাকীৰ দায়িত্ব সম্পর্কীয় বিষয়টো পর্যবেক্ষণ কৰিছে৷

ব’ৰ্ডৰ সূত্রই জানিবলৈ দিছে যে বিশ্বকাপত দক্ষিণ আফ্রিকাৰ হাতত পৰাজিত হৈ আগতীয়াকৈ ভাৰতে বিদায় লোৱা সন্দর্ভত ব’র্ডে আলোচনা কৰিছে যদিও হৰা–জিকা খেলৰ অংগ বুলি তেওঁলোকে ধৰি লৈছে৷ উল্লেখ্য যে ভাৰতে প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্রৱেশ কৰিবলৈও সক্ষম নহ’ল৷ বিশ্বকাপৰ ৭খন মেচত দলটোৱে মাত্র তিনিখনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ মিতালী ৰাজৰ নেতৃত্বাধীন ভাৰতে ৮টা দলে অংশগ্রহণ কৰা প্রতিযোগিতাখনত পঞ্চম স্থানহে লাভ কৰে৷ ইয়াৰ পিছতে পাৱাৰক দায়িত্বৰ পৰা আঁতৰাব বুলি সংবাদ মাধ্যমত বাতৰি প্রকাশ পাইছিল৷

You might also like