নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত–ইংলেণ্ড

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ আই চি চি মহিলা টি–২০ বিশ্বকাপ ক্রিকেটৰ ছেমিফাইনেলৰ সূচী নির্ধাৰণ হৈছে৷ প্রথমখন ছেমিফাইনেলত ভাৰতে ইংলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে আনখন ছেমিত দক্ষিণ আফ্রিকাই চাৰিবাৰৰ চেম্পিয়ন অষ্ট্রেলিয়াৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ উল্লেখ্য যে দক্ষিণ আফ্রিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ আজিৰ লীগ মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পিছতেই ছেমিফাইনেলৰ লাইনআপ নির্ধাৰণ হয়৷ দুয়োখন ছেমিফাইনেল বৃহস্পতিবাৰে ছিডনী ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব৷ ইফালে, প্রতিযোগিতাখনত ভাৰতীয় দলটোৱে লীগৰ চাৰিওখন মেচতে জয়ৰ সোৱাদ লাভ কৰিছে৷

You might also like