নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মায়ংকৰ দ্বি-শতকেৰে শক্তিশালী স্থিতি ভাৰত

ভাৰতৰ ৩৪৩ ৰাণৰ অগ্ৰগতি

নিউজ ডেস্ক ১৫ নৱেম্বৰঃ ইন্দোৰত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট ক্ৰিকেট মেচ খনত ভাৰতে শক্তি শালী স্থিতিত উপনীত হৈছে।
দ্বিতীয় দিনৰ খেলৰ অন্তত ভাৰতে ৬ উইকেটৰ বিনিময়ত ৪৯৩ ৰাণ সংগ্ৰহ কৰিছে।
আজি দিনটোত ভাৰতীয় বেটিংৰ আগত আলহী দলটোৰ বলাৰ সকলৰ দিশহাৰা হয়। ভাৰতীয় অপেনাৰ বেটচমেন মায়ংক আগৰৱালে দ্বি-শতক অৰ্জন কৰে। ইয়াৰ উপৰিও চেটেশ্বৰ পূজাৰা ৫৪ ৰাণ, অজিংক ৰাহাণে ৮৬ ৰাণ সংগ্ৰহ কৰি পেভিলিয়ন মুখী হয়। দিনটোৰ অন্তত ভাৰতীয় অলৰাণ্ডাৰ ৰবিন্দ্ৰ জাডেজাই ৬০ ৰাণেৰে ক্ৰিজত আছে লগতে উমেশ যাদৱ ২৫ ৰাণেৰে যোগ্য সংগ দিছে। আজি দিনটোত কেৱল ৬ টা উইকেটৰ পতন হয়।

You might also like