যুগ্ম জীৱনৰ পাতনি মেলিব আর্চাৰ অতনু–দীপিকাই
নিয়মীয়া বার্তা, ২৮ জুনঃ দীর্ঘদিনীয়া প্রেমৰ সম্পর্কত আবদ্ধ হৈ থকা তাৰকা আর্চাৰ অতনু দাস আৰু দীপিকা কুমাৰীয়ে মহামাৰীৰ আতংকৰ মাজতে যুগ্ণ জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে৷ ২০২০ৰ জুলাইত অনুষ্ঠিত হ’বলগীয়া টকি’ অলিম্পিকৰ পিছত তেওঁলোক বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল যদিও মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখন এবছৰলৈ স্থগিত ৰখাত শীঘ্রেই জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰাৰ চিন্তা–চর্চা কৰিছে অতনু–দীপিকাই৷
সম্প্রতি কোনোধৰণৰ ক্রীড়া প্রতিযোগিতা আৰু অনুশীলনী শিবিৰ অনুষ্ঠিত নোহোৱাৰ পৰিপ্রেক্ষিততে আর্চাৰ দুগৰাকীয়ে জীৱনৰ এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ এই অনুসৰি অহা মঙলবাৰে কলকাতাত অনুষ্টুপীয়াকৈ অতনু আৰু দীপিকাই বিবাহপাশত আবদ্ধ হ’ব৷ উল্লেখ্য যে ২০০৮ৰ পৰা প্রেমৰ সম্পর্ক চলাই থকা খেলুৱৈ দুগৰাকীয়ে ২০১৮ত বাগদান পর্ব সম্পন্ন কৰিছিল৷ সামাজিক দূৰত্ব, নীতি–নিয়ম তথা চৰকাৰে বান্ধি দিয়া অন্যান্য বাধ্যবাধকতা পালন কৰি তেওঁলোকে যুগ্ম জীৱনৰ পাতনি মেলিব বুলি আজি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে ২৬ বছৰীয়া দীপিকাই তৃতীয়বাৰৰ বাবে অলিম্পিক খেলাৰ সুযোগ লাভ কৰিছিল৷ একেদৰে, ২৮ বছৰীয়া অতনুৱে টকি’ অলিম্পিকত দ্বিতীয়বাৰৰ বাবে দেশক প্রতিনিধিত্ব কৰাৰ কথা আছে৷