লকডাউনৰ সুযোগ লৈ সক্রিয় ক্রিকেট বুকী
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকত সমগ্র বিশ্ব এতিয়া স্তব্ধ৷ খেলপথাৰ আৰু ষ্টেডিয়ামতো ওলমিছে বৃহৎ তলা৷ প্রায় দুমাহ ধৰি বন্ধ হৈ আছে বিশ্বৰ সৰু–বৰ সকলো ক্রীড়া প্রতিযোগিতা৷ লি’নেল মেছি, ক্রিষ্টিয়ান’ ৰনাল্ডোৰ পৰা আৰম্ভ কৰি ৰ’জাৰ ফেডাৰাৰ, ন’ভাক জক’ভিচ, বিৰাট কোহলি আদিৰ দৰে ছুপাৰ ষ্টাৰসকল এতিয়া নিজৰ বিলাসী ফ্লেটত বন্দী৷ এনে এক অনাকাংক্ষিত পৰিৱেশৰ সুযোগ গ্রহণ কৰিছে একাংশ ক্রিকেট বুকীয়ে৷ বিশ্বজুৰি অব্যাহত থকা এই গৃহবন্দিত্বৰ সময়ছোৱাত অধিকাংশ ক্রিকেট তাৰকাই সম্প্রতি ছ’চিয়েল মিডিয়াত ব্যস্ত থকাৰ সুযোগ লৈ ক্রিকেট বুকীসকল সক্রিয় হৈ পৰা দেখা গৈছে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে ক্রিকেটাৰসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ আৰম্ভ কৰিছে৷ বিশ্বৰ সকলো প্রান্তত ক্রিকেটীয় কার্যকলাপ বন্ধ হৈ পৰাত নিম্ন আয়ৰ ক্রিকেটাৰসকল আর্থিক সংকটৰ সন্মুখীন হোৱাৰ প্রতি লক্ষ্য ৰাখি ক্রিকেট বুকীয়ে পৰিস্থিতিৰ সুযোগ ল’ব বিচাৰিছে৷ আর্থিক সংকটৰ সময়ছোৱাত ক্রিকেটাৰক বৃহৎ ধনৰ লোভ দেখুৱাই মেচ ফিক্সিঙত জড়িত কৰিবলৈ দুর্নীতিৰ জগতৰ এটি দুষ্টচক্রই অপচেষ্টা চলাই থকা বুলি আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে আজি উদ্বিগ্ণতা প্রকাশ কৰিছে৷ আইচিচিৰ দুর্নীতি নিবাৰক শাখাৰ মুৰব্বী এলেক্স মার্ছেলে ক্রিকেট বুকীৰ তৎপৰতাৰ বিষয়ে সদৰী কৰি ক্রিকেটাৰসকলক সতর্ক কৰি দিয়ে৷ ‘আমি মন কৰিছোঁ যে সাম্প্রতিক পৰিস্থিতিৰ সুযোগ লৈ একাংশ দুর্নীতিগ্রস্ত ক্রিকেট বুকী সক্রিয় হৈ পৰিছে৷ তেওঁলোকে ছ’চিয়েল মিডিয়াত অধিক ব্যক্তি থকা ক্রিকেটাৰসকলৰ সৈতে সম্পর্ক স্থাপনৰ চেষ্টা চলাইছে৷ ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে আন্তর্জাতিক আৰু ঘৰুৱা ক্রিকেট বন্ধ হৈ থকাৰ সময়ত দুষ্টচক্রৰ এনে প্রলোভনৰ পৰা আঁতৰি থাকিবলৈ আমি সকলো ক্রিকেটাৰক সতর্ক হৈ থকাৰ আহ্বান জনাইছোঁ৷ সকলোৱে যাতে তেওঁলোকৰ ধনৰ প্রস্তাৱৰ পৰা বাচি থাকে৷’ আইচিচিৰ দুর্নীতি নিবাৰক গোটৰ মুৰব্বীগৰাকীয়ে এইদৰে কয়৷