নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিভাৰপুল ক্রয় কৰিব মুকেশ আম্বানিয়ে

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবল ক্লাব লিভাৰপুল ক্রয় কৰিবলৈ আগবাঢ়িছে ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানিয়ে৷ ইংলেণ্ডৰ সংবাদ পত্র ‘দ্য মিৰ’ৰ’ৰ খবৰ অনুসৰি, ভাৰতৰ এইগৰাকী কোটিপতি ব্যৱসায়ীয়ে ইতিমধ্যে ক্লাবটো ক্রয় কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছে৷ উল্লেখ্য যে আই পি এলৰ মুম্বাই ইণ্ডিয়ানছ দলৰ মালিক মুকেশ আম্বানি৷ আনহাতে, আইএছএল পৰিচালনা কৰা ফুটবল স্প’টছ ডেভেলপমেণ্ট লিমিটেডৰো মালিক আম্বানিৰ এই সংস্থাটো৷ এই মুহূর্তত লিভাৰপুলৰ মালিক হৈছে আমেৰিকাৰ সংস্থা ফেনৱে’ স্প’টছ গ্রুপ৷ কিন্তু বিগত কিছুদিনৰ পৰা তেওঁলোকে ক্লাবটো বিক্রী কৰাৰ প্রচেষ্টা হাতত লৈছে৷ জানিব পৰা মতে, প্রায় ৩৮ হাজাৰ ১১৯ কোটি টকাত লিভাৰপুল বিক্রী কৰিব পাৰে সংস্থাটোৱে৷ অৱশ্যে লিভাৰপুল এফচি ক্রয় কৰাত আম্বানিৰ কোনো অসুবিধা নহ’ব৷ ফ’বছে প্রস্তুত কৰা বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত অষ্টম স্থানত আছে আম্বানি৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ভাৰতীয় মুদ্রাত ৮,৯৫,৭৯২ কোটি৷ ফলত নিজৰ সম্পত্তিৰ সামান্য অংশ দিলেই ক্রয় কৰিব পাৰিব লিভাৰপুল৷ লিভাৰপুল ক্রয় কৰাৰ আঁৰত আন এক কাৰণো আছে৷ ভাৰতত ইংলিছ প্রিমিয়াৰ লীগৰ জনপ্রিয়তা সর্বাধিক৷ ক্লাববিলাকৰ ভিতৰত জনপ্রিয়তাৰ নিৰিখত মানচেষ্টাৰ ইউনাইটেডৰ পিছতে আছে লিভাৰপুল৷ ফলত লিভাৰপুল কিনিব পাৰিলে ভাৰতৰ বজাৰ যে যথেষ্ট পোৱা যাব, সেই কথা আম্বানিয়ে ভালদৰে জানে৷ উল্লেখ্য যে লিভাৰপুলে ঘৰুৱা লীগ জয় কৰিছে ১৯বাৰ আৰু চেম্পিয়নছ লীগ জয় কৰিছে ৬ বাৰ৷ সেইবাবে ক্লাবটোৰ গুৰুত্ব যথেষ্ট আছে৷

You might also like