শততম টেষ্টত শতকেৰে ৰুটৰ ৰেকর্ড
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ টীম ইণ্ডিয়াৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হোৱা প্রথম টেষ্টৰ প্রথম দিনা শতক অর্জন কৰি বিৰল অভিলেখৰ গৰাকী হৈছে ইংলেণ্ডৰ অধিনায়ক জ’ ৰুট৷ কেৰিয়াৰৰ শততম টেষ্টত শতকীয় ইনিংছ খেলা বিশ্বৰ পঞ্চমগৰাকী অধিনায়ক হিচাপে পৰিগণিত হৈছে তাৰকা মিডল অর্ডাৰ বেটছমেনগৰাকী৷ ইয়াৰ পূর্বে ক’লিন কাউড্রে, ইনজামাম উল হক, ৰিকী পণ্টিং আৰু গ্রেম স্মিথে শততম টেষ্টত অধিনায়ক হিচাপে শতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷
মন কৰিবলগীয়া যে ২০১২–১৩ৰ ভাৰত ভ্রমণত জ’ ৰুটে টীম ইণ্ডিয়াৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাইছিল৷ কেৰিয়াৰৰ ৫০সংখ্যক টেষ্ট মেচখনত তেওঁ ভাৰতৰ বিৰুদ্ধেই খেলিছে৷ ইফালে, শততম টেষ্টত শতক অর্জন কৰা ইংলেণ্ডৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপেও অভিলেখ ৰচিছে জ’ ৰুটে৷ এই তালিকাৰ আন দুগৰাকী খেলুৱৈ হ’ল– ক’লিন কাউড্রে আৰু এলেক্স ষ্টেৱার্ট৷ একেদৰে ইংলেণ্ডৰ হৈ ১০০খন টেষ্ট খেলা পঞ্চদশগৰাকী খেলুৱৈ হিচাপেও জ’ ৰুটে আন এক অভিলেখ ৰচে৷