শ্বাৰজাহত আজি মুম্বাই–হায়দৰাবাদ
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে যোৱানিশা ৰোমাঞ্চকৰ জয়ৰ সোৱাদ লাভ কৰি আত্মবিশ্বাসী হৈ থকা ছানৰাইজার্ছ হায়দৰাবাদে কাইলৈ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ’ব৷ শ্বাৰজাহ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ একেদৰে, ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছে চলিত আই পি এলত তৃতীয় জয়ৰ সন্ধানত আছে৷ উল্লেখ্য যে ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে শেহতীয়া মেচখনত কিংছ একাদশ পঞ্জাবক ৪৮ ৰানত পৰাস্ত কৰি শক্তিৰ পৰিচয় দিছে৷ ইয়াৰ পূর্বে দলটোৱে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হাতত ছুপাৰ অভাৰত পৰাজয়ৰ সন্মুখীন হৈছিল৷ ঈশান কিষণ, কিৰন পোলার্ড আৰু অধিনায়ক ৰোহিতৰ সুন্দৰ ফর্মে দলক আত্মবিশ্বাসত ৰাখিছে যদিও কুইণ্টন ডি ককৰ দুর্বল ফর্মে দলটোক কিছু চিন্তাত ৰাখিছে৷ ইফালে, আই পি এলৰ আৰম্ভণি মেচত যথেষ্ট ৰান ব্যয় কৰা তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহেও শেহতীয়া মেচখনত ফর্ম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ যুৱ স্পীনাৰ ৰাহুল চহৰ আৰু বাঁওহতীয়া স্পীনাৰ ক্রুনাল পাণ্ডিয়ায়ো অধিনায়ক ৰোহিতৰ প্রত্যাশা পূৰণ কৰিব পাৰিছে৷ ইয়াৰ বিপৰীতে ভুবনেশ্বৰ কুমাৰৰ ফিটনেছক লৈ উদ্বিগ্ণতাত ভুগিছে ছানৰাইজার্ছ হায়দৰাবাদ৷ চেন্নাইৰ বিৰুদ্ধে যোৱানিশা হেমষ্ট্রিঙৰ আঘাতত ভোগা তাৰকাগৰাকী কাইলৈৰ মেচৰ বাবে এতিয়াও সম্পূর্ণৰূপে সুস্থ হৈ উঠা নাই৷ বেটিঙত অধিনায়ক ডেভিদ ৱার্নাৰ, জ’নী বেয়াৰষ্ট’, কেন উইলিয়ামছন আৰু মনীষ পাণ্ডেৰ ওপৰত ছানৰাইজার্ছৰ সাফল্য নির্ভৰ কৰিব৷ তুলনামূলকভাৱে সৰু গ্রাউণ্ড শ্বাৰজাহত পূর্বৰ দৰে এইবাৰো ৰানৰ জোৱাৰ উঠাৰ সম্ভাৱনা আছে৷