নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমালোচনাই মোৰ কোনো ক্ষতি নকৰেঃসিন্ধু

অলিম্পিকত পদক জয়ৰ লক্ষ্য বিশ্ব চেম্পিয়নৰ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিকত পদক জয়ৰ লক্ষ্য লৈছে বিশ্ব চেম্পিয়ন ভাৰতৰ তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে৷ সমালোচনা তথা অনুৰাগীৰ অত্যধিক আশাই তেওঁৰ খেলত কোনোধৰণৰ প্রভাৱ নেপেলায় বুলি উল্লেখ কৰি সিন্ধুৱে কয় যে বর্তমান তেওঁৰ লক্ষ্য হ’ল অলিম্পিকত পুনৰ পদক জয় কৰা৷ চলিত বর্ষতে হ’বলগীয়া টকি’ অলিম্পিকৰ বাবে এতিয়াৰ পৰাই পূর্ণ প্রস্তুতি চলাব বুলি উল্লেখ কৰি সিন্ধুৱে কয় যে বিগত বর্ষৰ বিশ্ব বেডমিণ্টনত স্বর্ণ জয়ে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰি তুলিছে৷ অৱশ্যে বছৰটোৰ অন্তিম কেইখনমান প্রতিযোগিতাত মই দুর্বল প্রদর্শন দাঙি ধৰিছিলোঁ৷ বর্তমান পূর্বৰ ভুলবোৰ শুধৰোৱাৰ চেষ্টা চলাব লাগিব আৰু অলিম্পিকৰ বাবে নিজকে সাজু কৰি তুলিব লাগিব বুলি ২৪ বছৰীয়া শ্বাটলাৰগৰাকীয়ে লগতে ব্যক্ত কৰে৷ উল্লেখ্য যে সিন্ধুৱে ৰি’ অলিম্পিকত ৰূপ জিনিছিল৷

You might also like