সূর্যৰ শতকেৰে শৃংখলা জয় ভাৰতৰ
নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: হার্দিক পাণ্ডিয়া নেতৃত্বাধীন টীম ইণ্ডিয়াই শ্রীলংকাৰে খেলা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটো ২–১ৰ ব্যৱধানত দখল কৰে৷ ৰাজকোটত অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক মেচখনত ভাৰতে সিংহলী বাহিনীক ৯১ ৰানত পৰাস্ত কৰে৷ মেচখনত ভাৰতীয় দলটোৰ জয়ৰ মূলতে আছিল সূর্য কুমাৰ যাদৱৰ বিস্ফোৰক অপৰাজিত শতক৷ ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২২৯ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ভাৰতীয় বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত শ্রীলংকাই ১৬.৪ অভাৰত ১৩৭ ৰান কৰি ইনিংছ সামৰে৷ আলহী দলটোৰ হৈ কুশল মেণ্ডিছ আৰু অধিনায়ক ডাছুন ছানাকা উভয়ে সর্বাধিক ২৩ ৰান কৰে৷ ভাৰতৰ হৈ অর্শদীপ সিঙে সর্বাধিক তিনিটা, পাণ্ডিয়া, উমৰান আৰু চাহালে দুটাকৈ , অক্ষৰ পেটেলে এটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি সূর্য কুমাৰ যাদৱৰ বিস্ফোৰক অপৰাজিত শতক, শুভমন গিল আৰু ৰাহুল ত্রিপাঠীৰ সুন্দৰ বেটিং প্রদর্শনৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত ৫টা উইকেটত ২২৮ ৰান কৰে৷ টি–২০ত সূর্য কুমাৰে কালি তৃতীয়টো শতক অর্জন কৰে৷ মাত্র ৪৫টা বলত শতক অর্জন কৰা সূর্য কুমাৰে ১১২ ৰান কৰি অপৰাজিত হৈ থাকে৷ তাৰকা বেটাৰগৰাকীৰ ৫১টা বলৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু ৯টা ছয়৷ ইনিংছ আৰম্ভণি সুখকৰ নাছিল ঘৰুৱা দলটোৰ৷ দলীয় স্ক’ৰ ৩ ৰানত কিশনে (১) বিদায় লয়৷ অৱশ্যে গিল আৰু ত্রিপাঠীয়ে দ্বিতীয় উইকেটত ৪৯ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ ত্রিপাঠীয়ে মাত্র ১৬টা বলত ৫টা চাৰি আৰু দুটা ছয়েৰে ৩৫ ৰান কৰে৷ গিলে ৩৬টা বলত ২টা চাৰি আৰু ৩টা ছয়েৰে ৪৬ ৰান কৰে৷ গিল আৰু সূর্য কুমাৰে তৃতীয় উইকেটত ১১১ ৰান সংগ্রহ কৰে৷ অৱশ্যে অধিনায়ক পাণ্ডিয়া (৪) আৰু দীপক হুদা (৪) ব্যর্থ হয় যদিও অক্ষৰ পেটেলে ৯টা বলত চাৰিটা চাৰিৰে অপৰাজিতভাৱে ২১ ৰান কৰে৷ মেচখনত সূর্য কুমাৰ আৰু শৃংখলাটোত অক্ষৰ পেটেল শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয়৷