নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইত আৰম্ভ ৰাষ্ট্রীয় জুনিয়ৰ এথলেটিকছ প্রতিযোগিতা

নিয়মীয়া বাৰ্তা , ৭ ফেব্ৰুৱাৰীঃ অসম এথলেটিকছ সন্থাৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে ৩৬সংখ্যক ৰাষ্ট্রীয় জুনিয়ৰ এথলেটিকছ প্রতিযোগিতা৷ দেশৰ ৩২খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ প্রায় ১,৬২৭গৰাকী খেলুৱৈয়ে অংশ লোৱা প্রতিযোগিতাখন আজি পুৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ক’ভিড মহামাৰীৰ পাছত প্রথমখন বৃহৎ ক্রীড়া ইভেণ্ট হিচাপে গুৱাহাটীত আৰম্ভ হোৱা ৰাষ্ট্রীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ আয়োজনৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ অধ্যক্ষ আদিল জে ছুমেৰিৱালা তথা কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেন ৰিজিজু ধন্যবাদৰ পাত্র৷ এই প্রতিযোগিতাৰ জৰিয়তে খেলুৱৈসকলে প্রতিভা প্রদর্শনেৰে দেশৰ ক্রীড়া জগতক উজলাই তুলিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ আমাৰ খেলুৱৈসকলৰো বিশ্ব জয়ৰ সামর্থ্য আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে গুৱাহাটীক বাস্তৱ অর্থত দেশৰ ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ অধ্যক্ষ ছুমেৰিৱালাই কয় যে এই জটিল সময়ত বৃহৎ প্রতিযোগিতাখন আয়োজন কৰি অসমে এক নজিৰ স্থাপন কৰিছে৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতে ২০২৩ৰ বিশ্ব জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে৷

You might also like