নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ মার্চৰ পৰা অনুশীলনত নামিব ধোনী

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে অহা ২ মার্চৰ পৰা সমাগত আই পি এলৰ প্রস্তুতি আৰম্ভ কৰিব৷ চি এছ কেৰ মুখ্য কার্যবাহী বিষয়া কে এছ বিশ্বনাথনে আজি এই কথা প্রকাশ কৰে৷ তেওঁ কয় যে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীয়ে দলৰ প্রথমটো প্রস্তুতি শিবিৰত উপস্থিত থাকিব৷ এই শিবিৰত সুৰেশ ৰাইনা আৰু অম্বাটি ৰাইডুৰ দৰে অভিজ্ঞ তাৰকায়ো ভাগ ল’ব৷

উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছে অহা ২৯ মার্চত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে সমাগত আই পি এলত অভিযান আৰম্ভ কৰিব৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা প্রায় ছমাহ আঁতৰি থকা ৩৮ বছৰীয়া ধোনীৰ বাবে ঐশ্বর্যশালী টি–২০ লীগখন অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ আই পি এলৰ ফর্মৰ ওপৰতে ধোনীৰ কেৰিয়াৰৰ ভৱিষ্যৎ নির্ভৰ কৰিব বুলি ক্রিকেট বিশ্লেষকসকলে মত প্রকাশ কৰিছে৷

You might also like