৩০ বছৰৰ মূৰত চেম্পিয়ন লিভাৰপুল
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ সুদীর্ঘ ৩০ বছৰীয়া অপেক্ষাৰ অৱসান ঘটাই লিভাৰপুলে ইংলিছ প্রিমিয়াৰ লীগত খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে নিশা চেলছিৰ বিৰুদ্ধে মানচেষ্টাৰ চিটী ১–২ গ’লত পৰাস্ত হোৱাৰ পাছতেই মহম্মদ ছালাহৰ লিভাৰপুল দলটোৰ খিতাপ নিশ্চিত হয়৷ বুধবাৰে ক্রিষ্টল পেলেচক ৪–০ গ’লত বিধ্বস্ত কৰি লিভাৰপুলে খিতাপৰ নিচেই কাষত উপনীত হৈছিল৷
৩০ বছৰৰ অপেক্ষাৰ অন্ত পেলাই খিতাপত চুম্বন দিবলৈ দলটোক প্রয়োজন আছিল মাত্র ২ পইণ্টৰ৷ কিন্তু যোৱানিশা চেলছিয়ে দ্বিতীয় স্থানপ্রাপ্ত মানচেষ্টাৰ চিটীক পৰাস্ত কৰাৰ পাছতে ৭খন মেচ বাকী থাকোঁতেই লিভাৰপুলৰ দীর্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰে৷ এই মুহূর্তত লিভাৰপুলে ৩১খন মেচৰ ২৮খনত জয়, এখনত পৰাজয় আৰু দুখনত ড্র খেলি মুঠ ৮৬ পইণ্ট সংগ্রহ কৰি আছে৷ সমসংখ্যক মেচৰ পৰা মানচেষ্টাৰ চিটীয়ে সংগ্রহ কৰিছে ৬৩ পইণ্ট৷
পৰৱর্তী আটাইকেইখন মেচত মানচেষ্টাৰ চিটীয়ে জয় সাব্যস্ত কৰিবলৈ সক্ষম হ’লেও লিভাৰপুলক অতিক্রম কৰাটো দলটোৰ বাবে সম্ভৱ নহ’ব৷ লেইচেষ্টাৰ চিটীয়ে ৫৫, চেলছিয়ে ৫৪ আৰু মানচেষ্টাৰ ইউনাইটেডে ৪৯ পইণ্টেৰে ক্রমে তৃতীয়, চতুর্থ আৰু পঞ্চম স্থান অধিকাৰ কৰি আছে৷ যোৱানিশাৰ মেচখনত চেলছিৰ জয়ৰ মূলতেই আছিল ক্রিষ্টিয়ান পুলিছিক আৰু উইলিয়ানৰ দুর্দান্ত প্রদর্শন৷ ৩৬ মিনিটত পুলিছিকে এটা সুন্দৰ গ’লেৰে চেলছিক অগ্রগতি দিবলৈ সক্ষম হয়৷ কিন্তু মানচেষ্টাৰ চিটীয়ে ৫৫ মিনিটত গ’লটো পৰিশোধ কৰে৷ কেভিন ডি ব্রুইনে সমতাসূচক গ’লটো কৰিবলৈ সক্ষম হয়৷ তীব্র উত্তেজনাপূর্ণ মেচখনৰ ৭৮ মিনিটত উইলিয়ানে এটা পেনাল্টী শ্বট গ’ললৈ ৰূপান্তৰিত কৰি চেলছিলৈ ৰোমাঞ্চকৰ বিজয় কঢ়িয়াই আনে৷
ইফালে, ৭খন মেচ বাকী থকা অৱস্থাতে ইংলিছ প্রিমিয়াৰ লীগত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছতে লিভাৰপুলৰ সমর্থকসকলে গৃহ চহৰ লিভাৰপুলত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ সামাজিক দূৰত্বৰ সকলো নীতি–নিয়ম পাহৰি ফুটবলপ্রেমীয়ে ৰাজপথত অভূতপূূর্ব আনন্দ উৎসৱত বিলীন হোৱা দেখা যায়৷ উল্লেখ্য যে লিভাৰপুলে ১৯৯০ চনতে অন্তিমবাৰৰ বাবে ইংলিছ প্রিমিয়াৰ লীগত খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷