ৰাহুলৰ দ্বৈত ভূমিকাত সন্তুষ্ট গাংগুলী
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ টীম ইণ্ডিয়াৰ যুৱ তাৰকা লোকেশ ৰাহুলৰ শেহতীয়া প্রদর্শনে মুগ্ধ কৰিছে ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীক৷
শেহতীয়াকৈ শীর্ষ ক্রমৰ বেটছমেনৰ লগতে উইকেটৰক্ষক হিচাপে দ্বৈত ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰা কর্ণাটকৰ বেটছমেনগৰাকীয়ে এদিনীয়া আৰু টি–২০ত চমকপ্রদ প্রদর্শন আগবঢ়োৱা বুলি গাংগুলীয়ে কালি উল্লেখ কৰে৷ তেওঁ স্পষ্ট কৰে যে ঋষভ পণ্টৰ সলনি ৰাহুলক উইকেটৰক্ষকৰ দায়িত্ব অর্পণ কৰাটো বিৰাট কোহলি আৰু ৰবি শাস্ত্রীৰ সিদ্ধান্ত৷