নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিতৰ ১১৯, কোহলিৰ ৮৯ ৰে ২–১ ত শৃংখলা দখল ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ঘৰুৱা দল টীম ইণ্ডিয়াই অষ্ট্রেলিয়াৰ বিপক্ষে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ২–১ৰ ব্যৱধানত দখল কৰিছে৷

দেওবাৰে অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক মেচখনত ভাৰতে অষ্ট্রেলিয়াক ৭ উইকেটত পৰাস্ত কৰে৷

মেচখনত কেংগেৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৮৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰোহিত শর্মাৰ দর্শনীয় ১১৯, অধিনায়ক কোহলিৰ দুর্দান্ত ৮৯ আৰু শ্রেয়াছ আয়াৰৰ অপৰাজিত ৪৪ ৰানৰ সহায়ত ভাৰতে ৪৭.৩ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই বিজয়ী হয়৷

ৰাহুলে ১৯ ৰান কৰি বিদায় লয়৷ ৰোহিতৰ ১২৮টা বলৰ ইনিংছটোত আছিল ৮টা চাৰি আৰু ৬টা ছয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ষ্টিভেন স্মিথৰ দর্শনীয় ১৩১ আৰু মার্নাছ লাবুছানেৰে ৫৪ ৰানৰ সহায়ত অষ্ট্রেলিয়াই নির্ধাৰিত ৫০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ২৮৬ ৰান কৰে৷

এলেক্স কেৰীয়ে ৩৫ ৰানৰ অৱদান আগবঢ়ায়৷ স্মিথৰ ১৩২টা বলৰ ইনিংছটোত আছিল ১৪টা চাৰি আৰু এটা ছয়৷ ৱার্নাৰে ৩, ফিন্সে ১৯ ৰান কৰি বিদায় লয়৷ ভাৰতৰ হৈ ছামিয়ে চাৰিটা, জাদেজাই দুটা, ছাইনী আৰু কুলদীপে এটাকৈ উইকেট লয়৷

You might also like