নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত শর্মাৰ কৃতিত্ব

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ বর্ণিল কেৰিয়াৰত আন এক গৌৰৱৰ অধিকাৰী হয় টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা৷ অ’পেনাৰ হিচাপে ১০ হাজাৰ আন্তর্জাতিক ৰান কৰি ভাৰতৰ চতুর্থগৰাকী খেলুৱৈ হিচাপে গৌৰৱ অর্জন কৰে ৰোহিতে৷ হেমিল্টনৰ ছেডন পার্কত কালি নিউজিলেণ্ডৰে খেলা তৃতীয়খন টি–২০ মেচত এই গৌৰৱটো অর্জন কৰে ৰোহিতে৷ মেচখনত দর্শনীয় বেটিঙেৰে ভাৰতীয় দলটোৰ জয়ত মুখ্য ভূমিকা লোৱা ৰোহিত শর্মাৰ উপৰি অ’পেনাৰ হিচাপে এই কৃতিত্ব অর্জন কৰা ভাৰতৰ আনকেইগৰাকী খেলুৱৈ হ’ল– সুনীল গাভাস্কাৰ, তেণ্ডুলকাৰ আৰু বীৰেন্দ্র সেৱাগ৷

You might also like