নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেলিংটনত টেষ্ট বেক ফুটত ভাৰত

নিউজিলেণ্ড স্কৰ ২১৬/৫.. ৫১ ৰাণৰ অগ্ৰগতি ঘৰুৱা দলৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ গতি আৰু বাউঞ্চেৰে ভৰা ৱেলিংটনৰ বেছিন ৰিজার্ভত আশংকা কৰা অনুসৰিয়ে বেটিং বিপর্যয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা প্রথম টেষ্টৰ প্রথম দিনা বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে ১৬৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়৷ মেঘাচ্ছন্ন আকাশৰ তলত বলিং অনুকূল পৰিৱেশৰ সুযোগ গ্রহণ কৰি নিউজিলেণ্ডে আৰম্ভণিৰে পৰা ভাৰতক চাপত ৰাখে৷ উদীয়মান অ’পেনাৰ পৃথ্বি শ্বক মাত্র ১৬ ৰানতে বল্ড কৰি বেগী বলাৰ টীম ছাউডিয়ে ঘৰুৱা দলটোক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে বিধ্বংসী বলিঙেৰে ভাৰতীয় শিবিৰত ত্রাসৰ সৃষ্টি কৰে অভিষেককাৰী প্রতিভাৱান বেগী বলাৰ কাঈল জেমিছনে৷ কম সময়ৰ ভিতৰতে তেওঁ শ্বেটেশ্বৰ পূজাৰা, বিৰাট কোহলি আৰু হনুমা বিহাৰীক আউট কৰি ভাৰতক বিপর্যয়লৈ ঠেলি দিয়ে৷ ৪০ ৰানতে পৃথ্বি শ্ব, পূজাৰা আৰু কোহলিৰ উইকেট হেৰুওৱাৰ পিছত মায়ংক আগৰৱাল আৰু আজিংক্য ৰাহানেই ভাৰতৰ ইনিংছ গঢ়াৰ প্রয়াস চলায় যদিও বিশেষ সফল নহ’ল৷ দুয়োগৰাকীয়ে চতুর্থ উইকেটত ৪৮ ৰান যোগ দিয়াৰ সময়তে অ’পেনাৰ মায়ংক আগৰৱালে ট্রেণ্ট ব’ল্টৰ চিকাৰ হয়৷ মায়ংকে ৩৪, শ্বই ১৬, পূজাৰাই ১১, কোহলিয়ে ২ আৰু বিহাৰীয়ে ৭ ৰানত আউট হয়৷ দ্বিতীয় দিনা এজনো ভাৰতীয় বেটছমেন নিউজিলেণ্ডৰ বলাৰৰ ত্ৰাসত স্তিষ্ঠিব নোৱাৰিলে। আজি দ্বিতীয় দিনৰ খেল ইতিমধ্যে সমাপ্ত হৈছে আৰু নিউজিলেণ্ডে ৫ টা উইকেট হেৰুৱাই ২১৬ ৰাণ সংগ্ৰহ কৰিছে। ভাৰতৰ হৈ ইশ্বান্ত শৰ্মাই ৩ টা উইকেট দখল কৰিছে।

You might also like