টেইলৰৰ বিশ্ব অভিলেখ
নিয়মীয়া বাৰ্তা ২২ ফেব্রুৱাৰীঃ দীঘলীয়া ক্রিকেট কেৰিয়াৰত আন এক অনন্য অভিলেখৰ গৰাকী হ’ল নিউজিলেণ্ডৰ তাৰকা বেটছমেন ৰ’ছ টেইলৰ৷ ভাৰতৰ বিৰুদ্ধে আৰম্ভ হোৱা প্রথম টেষ্টত খেলপথাৰত নামি তেওঁ শততম টেষ্ট খেলাৰ সৌভাগ্য অর্জন কৰে৷ মন কৰিবলগীয়া যে ক্রিকেটৰ আটাইকেইটা সংস্কৰণত ১০০ বা ততোধিক আন্তঃৰাষ্ট্রীয় মেচ খেলা তেওঁ হ’ল ক্রিকেট ইতিহাসৰ প্রথমগৰাকী খেলুৱৈ৷ ৩৫ বছৰীয়া টেইলৰে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে কেৰিয়াৰৰ শততম টি–২০ মেচ খেলিছিল৷ নিউজিলেণ্ডৰ হৈ তেওঁ ইতিমধ্যে ২৩১খন এদিনীয়া খেলিছে৷ নিউজিলেণ্ডৰ বহু জয়ৰ নায়ক টেইলৰে এদিনীয়াত ৮,৫৭০, টেষ্টত ৭,১৭৪ আৰু টি–২০ত ১,৯০৯ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ২০০৭ৰ পৰা তেওঁ নিউজিলেণ্ডৰ হৈ একেৰাহে আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলি আহিছে৷