২০২১: টীম ইণ্ডিয়াৰ বাবে এক প্রত্যাহ্বানজনক বর্ষ
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ মহামাৰীয়ে আউল লগোৱা ২০২০ বর্ষই অৱশেষত মেলানি মাগিলে৷ ধৰাৰ বুকুলৈ আহিছে আন এক নতুন বছৰ৷ নতুন আশা আৰু সম্ভাৱনা কঢ়িওৱা ২০২১ বর্ষটো ভাৰতীয় ক্রিকেটৰ বাবেও হ’ব এক উল্লেখনীয় বর্ষ৷ সময়ৰ বুকুত বিলীন হোৱা ২০২০ বর্ষটোত অধিক সময় ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ বাধ্য হোৱা টীম ইণ্ডিয়াৰ তাৰকাসকল এই বর্ষটোত ইটোৰ পিছত সিটো শক্তিশালী প্রত্যাহ্বানৰ মুখামুখি হ’ব৷ অহা ৭ জানুৱাৰীৰ পৰাই আৰম্ভ হ’ব টীম ইণ্ডিয়াৰ এই প্রত্যাহ্বানজনক যাত্রা৷ ছিডনী ক্রিকেট গ্রাউণ্ডত আজিংক্য ৰাহানে নেতৃত্বাধীন দলটোৱে অষ্ট্রেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টত খেলপথাৰত নামিব৷ ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব অষ্ট্রেলিয়া ভ্রমণৰ অন্তিমখন টেষ্ট৷
ইয়াৰ পিছতে দেশলৈ উভতি আহি টীম ইণ্ডিয়াই ঘৰৰ মাটিত ইংলেণ্ডৰ সন্মুখীন হ’ব৷ চাৰিখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচৰ এই প্রত্যাহ্বানজনক শৃংখলা মার্চৰ শেষলৈকে চলিব৷ এপ্রিল–মে’ত খেলুৱৈসকলক দেখিবলৈ পোৱা যাব ব’ডৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলত৷ স্বদেশত আই পি এল সামৰিয়েই শ্রীলংকালৈ উৰা মাৰিব টীম ইণ্ডিয়াৰ তাৰকাসকল৷ দ্বীপ ৰাষ্ট্রখনৰ বিৰুদ্ধে টীম ইণ্ডিয়াই খেলিব তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচ৷ জুলাইত শ্রীলংকাতে অনুষ্ঠিত হ’ব এছিয়া কাপ৷ প্রতিযোগিতাখনত ভাৰতে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে দুবছৰৰ মূৰত পুনৰ খেলপথাৰত নামিব৷ আগষ্ট–ছেপ্ঢেম্বৰত টীম ইণ্ডিয়াৰ ঠিকনা হ’ব ইংলেণ্ড৷ এই ভ্রমণত দলটোৱে পাঁচখনীয়া টেষ্ট শৃংখলাত অৱতীর্ণ হ’ব৷
২০২১ত টীম ইণ্ডিয়াই সন্মুখীন হ’বলগীয়া এয়া হ’ব সবাতোকৈ কঠিন প্রত্যাহ্বান৷ ইংলেণ্ডৰ পৰা উভতি আহি দলটোৱে অক্টোবৰত দেশৰ মাটিত দক্ষিণ আফ্রিকাৰ মুখামুখি হ’ব৷ ইয়াৰ পিছতে ভাৰতত অনুষ্ঠিত হ’ব আই চি চি টি–২০ বিশ্বকাপ৷ ইফালে, নৱেম্বৰত দুখন টেষ্ট আৰু তিনিখন টি–২০ মেচৰ সূচী লৈ ভাৰতলৈ আহিব নিউজিলেণ্ড৷ ইয়াৰ পিছতে টীম ইণ্ডিয়া উৰা মাৰিব দক্ষিণ আফ্রিকালৈ৷ দক্ষিণ আফ্রিকাত দলটোৱে খেলিব তিনিখন টেষ্ট আৰু তিনিখন টি–২০৷ ২০২১ৰ বাবে আই চি চিয়ে এইধৰণে সূচী তৈয়াৰ কৰিছে যদিও ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ ওপৰত সকলোখিনি নির্ভৰ কৰিব৷