চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব ত্যাগ কৰিলে ধোনীয়ে; চিএচকেৰ নতুন অধিনায়ক কোন?
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ আই পি এলৰ ১৫ তম ছিজনৰ পূৰ্বে ক্ৰিকেট প্ৰেমীসকললৈ দুঃখবৰ। মহেন্দ্ৰ সিং ধোনীয়ে চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰিছে। ৰবীন্দ্ৰ জাদেজাই এই ছিজনত চেন্নাইক নেতৃত্ব দিব। ভৱিষ্যতৰ কথা বিবেচনা কৰি, মাহীয়ে চিএছকেৰ নেতৃত্ব নিজে জাদেজাৰ হাতত হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। চেন্নাই ফ্ৰেঞ্চাইজিয়ে বৃহস্পতিবাৰে এক বিবৃতিত এই কথা সদৰী কৰে।
মহেন্দ্ৰ সিং ধোনী আৰু চেন্নাই চুপাৰ কিংছ-এই দুটা নামেই যেন আই পি এলত সমাৰ্থক হৈ পৰিছিল৷ ধোনীয়ে আই পি এলৰ সেই প্ৰাৰম্ভিক ছিজন অৰ্থাৎ ২০০৮ চনৰ পৰা চেন্নাইৰ অধিনায়ক হিচাপে খেলি আছে৷ চিএচকে প্ৰথম বছৰৰ নিলামত ধোনীক অভিলেখ ৬ কোটি টকাত ক্ৰয় কৰিছিল৷ মাহীয়ে আৰম্ভণিৰে পৰা চিএচকেৰ অধিনায়ক হিচাপে খেলি আহিছে৷ তেওঁৰ নেতৃত্বত চেন্নাই চাৰিবাৰ আই পি এল চেম্পিয়ন হৈছিল৷
? Official Statement ?#WhistlePodu #Yellove ?? @msdhoni @imjadeja
— Chennai Super Kings (@ChennaiIPL) March 24, 2022