২০২২ৰ অক্টোবৰত ভাৰতত মহিলা বিশ্বকাপ ফুটবল
ক’ৰোনাৰ ভয়াৱহৰ বাবে দুবাৰকৈ স্থগিত ফিফাৰ ১৭ বছৰ অনূর্ধ্বৰ প্রতিযোগিতাখন
নিয়মীয়া বাৰ্তা ২২ মেঃ ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবল প্রতিযোগিতাখন অহা বর্ষত ভাৰতত অনুষ্ঠিত হ’ব৷ বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে৷ প্রতিযোগিতাখন ২০২২ চনৰ ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আৰু ৩০ অক্টোবৰত সামৰণি পৰিব৷ উল্লেখ্য যে প্রতিযোগিতাখন ভাৰতত ২০২০ চনত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সমগ্র বিশ্বৰ লগতে ভাৰততো ক’ৰোনাৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ফিফাৰ সন্মানীয় প্রতিযোগিতাখন দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়৷
প্রথম অৱস্থাত ২০২০ চনৰ ২–২১ নৱেম্বৰলৈকে প্রতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ৰোনাৰ প্রকোপ বৃদ্ধি পোৱাৰ বাবে প্রতিযোগিতাখন চলিত বর্ষৰ ১৭ ফেব্রুৱাৰীৰ পৰা ৭ মার্চলৈকে পিছুৱাই দিয়া হৈছিল যদিও শেহতীয়াভাৱে ভাৰতত ক’ৰোনাৰ আতংক বৃদ্ধি পোৱাত প্রতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ পূর্বে মহিলাসকলৰ মাজত ফুটবলৰ জনপ্রিয়তা বৃদ্ধি কৰাৰ অর্থে ফুটবল ফেডাৰেচন অৱ ইণ্ডিয়াই মুম্বাইস্থিত কুপৰেজ ষ্টেডিয়ামত অনুশীলন শিবিৰ আৰম্ভ কৰিছে৷
ইফালে, ক্রীড়া মন্ত্রালয়ৰ সৈতে লগ লাগি ফুটবল ফেডাৰেচন অৱ ইণ্ডিয়াই খেলো ইণ্ডিয়া ফুটবল প্রতিযোগিতাৰো আৰম্ভ কৰিছে৷ ফিফাৰ সন্মানীয় প্রতিযোগিতাখন অহা বর্ষত সুকলমে অনুষ্ঠিত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে আয়োজক ফুটবল ফেডাৰেচন অৱ ইণ্ডিয়াই৷ ক’ৰোনাৰ ভয়াৱহতাৰ বাবে ইতিমধ্যে দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হোৱা সন্মানীয় প্রতিযোগিতাখন ২০২২ চনৰ অক্টোবৰত কোনো বাধা–বিঘিনি নোহোৱাকৈ আয়োজন কৰিব পাৰিব বুলি আত্মবিশ্বাসী ভাৰত৷ ইফালে, বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থাটোৱে ২০২৩ চনত অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডত হ’বলগীয়া মহিলা বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰো সময়সূচী ঘোষণা কৰিছে৷ প্রতিযোগিতাখন ২০ জুলাইৰ পৰা ২০ আগষ্টলৈকে অনুষ্ঠিত হ’ব৷ মহিলা বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ বাবে ২০২৩ চনৰ ১৭–২৩ ফেব্রুৱাৰীলৈকে নতুন পদ্ধতিত প্লে অৱ প্রতিযোগিতাখন অনুষ্ঠিত হ’ব৷ আনহাতে, ২০ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপখন ২০২২ চনৰ ১০–২৮ আগষ্টলৈ ক’ষ্টাৰিকাত অনুষ্ঠিত হ’ব বুলি ফিফাই সদৰী কৰিছে৷