নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় এদিনীয়াত অনিশ্চিত মৰগান, বিলিংছ

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ঘৰুৱা দল টীম ইণ্ডিয়াৰ বিপক্ষে শুকুৰবাৰে পুনেত খেলিবলগীয়া দ্বিতীয়খন এদিনীয়াত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে ইংলেণ্ড দলটোৰ অধিনায়ক ইয়ন মৰগানৰ লগতে বেটছমেন ছাম বিলিংছৰ৷ ইংলেণ্ডৰ এই দুয়োগৰাকী তাৰকা খেলুৱৈয়ে মঙলবাৰে পুনেত হৈ যোৱা প্রথমখন এদিনীয়াত আঘাত পাইছিল৷ মেচখনত ফিল্ডিং কৰি থকাৰ সময়ত বল আয়ত্তৰ চেষ্টা কৰাৰ সময়তে মৰগানে সোঁ হাতৰ বুঢ়া আৰু কনিষ্ঠ আঙুলিত আঘাত পাইছিল৷ ইফালে, বিলিংছেও বাউণ্ডেৰী বচাবলৈ গৈ পেটত আঘাত পাইছিল৷ মেচখনত মৰগানে বেটিং কৰাৰ বাবে ১০০ শতাংশ সুস্থ নাছিল৷ এই আঘাতৰ ফলত ইংলেণ্ডৰ অধিনায়কগৰাকীৰ শুকুৰবাৰে আৰম্ভ হ’বলগীয়া দ্বিতীয়খন এদিনীয়াতো অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ ইফালে, ছাম বিলিংছেও পেটত পোৱা আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ কৰা নাই৷ ফলত দ্বিতীয়খন এদিনীয়াত মৰগান আৰু বিলিংছ অবিহনে ইংলেণ্ডে অৱতীর্ণ হোৱাৰ সম্ভাৱনা আছে৷

You might also like