দক্ষিণ আফ্রিকাত ৩খন টেষ্ট খেলিব কোহলি বাহিনীয়ে
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ: আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণত ভাৰতে তিনিখন এদিনীয়া আৰু চাৰিখন টি–২০ মেচৰ লগতে তিনিখন টেষ্ট মেচ খেলিব৷ দক্ষিণ আফ্রিকা ক্রিকেট ব’ডৰ মুৰব্বী গ্রেম স্মিথে আজি এক বিবৃতিত এই কথা প্রকাশ কৰিছে৷ তেওঁ প্রকাশ কৰা অনুসৰি ভাৰতে অহা ১৭–২১ ডিচেম্বৰত জোহান্সবার্গত প্রথম টেষ্টেৰে দক্ষিণ আফ্রিকা ভ্রমণৰ আৰম্ভণি কৰিব৷ ইয়াৰ পিছত ২৬–৩০ ডিচেম্বৰত প্রিট’ৰিয়াত দ্বিতীয় আৰু ২০২২ বর্ষৰ ৩–৭ জানুৱাৰীত কেপটাউনত তৃতীয় টেষ্ট খেলিব৷ ১১ জানুৱাৰীৰ পৰা ভাৰতে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অৱতীর্ণ হ’ব৷ ১৪ আৰু ১৬ জানুৱাৰীত কেপটাউনত দলটোৱে ক্রমে দ্বিতীয় আৰু তৃতীয় এদিনীয়া খেলিব৷
ইফালে ১৯, ২১, ২৩ আৰু ২৬ জানুৱাৰীত ভাৰত আৰু দক্ষিণ আফ্রিকাই টি–২০ শৃংখলাত অৱতীর্ণ হ’ব৷ উল্লেখ্য যে সম্প্রতি গভীৰ আর্থিক সংকটত ভুগি থকা দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে এই শৃংখলাৰ জৰিয়তে বৃহৎ সকাহ লাভ কৰিব বুলি আশা প্রকাশ কৰিছে ব’ডৰ মুৰব্বী গ্রেম স্মিথে৷