দৈনিক ৩০ হাজাৰ দর্শকক প্রৱেশৰ অনুমতি
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ঐতিহাসিক বক্সিং ডে’ টেষ্টত দৈনিক ৩০ হাজাৰ দর্শকে ষ্টেডিয়ামত প্রৱেশ কৰিব পাৰিব৷ অষ্ট্রেলিয়াৰ ভিক্টোৰিয়া চৰকাৰে ক’ভিড প্রট’কল কিছু শিথিল কৰি এই কথা ঘোষণা কৰিছে৷ ৰাজ্যখনৰ যোৱা ৪০ দিনত ক’ভিডৰ কোনো নতুন পৰিঘটনা পোহৰলৈ নহাৰ প্রতি লক্ষ্য ৰাখি ভিক্টোৰিয়া চৰকাৰে মেলব’ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া বহুপ্রত্যাশিত মেচখনত দর্শকৰ সংখ্যা ৩০ হাজাৰলৈ বৃদ্ধি কৰিছে৷
ইয়াৰ পূর্বে বক্সিং ডে’ টেষ্টত দৈনিক ২৫ হাজাৰ দর্শকক প্রৱেশৰ অনুমতি দিয়া হৈছিল৷ শেহতীয়াকৈ অনুষ্ঠিত ভাৰত–ষ্ট্রেলিয়াৰ টি–২০ আৰু এদিনীয়া শৃংখলাৰ সময়তো ২৫ হাজাৰ দর্শকে ষ্টেডিয়ামত প্রৱেশৰ অনুমতি লাভ কৰিছিল৷ উল্লেখ্য যে অহা ১৭ ডিচেম্বৰত এডিলেইডত ভাৰতে টেষ্ট শৃংখলাৰ প্রথমখন মেচ খেলিব৷