ক’ভিড প্রট’কল ভংগ ৫ ভাৰতীয় খেলুৱৈৰ!
অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমৰ অভিযোগ খণ্ডন ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ সম্প্রতি অষ্ট্রেলিয়া ভ্রমণৰত ভাৰতীয় ক্রিকেট দলটোৰ ৫গৰাকী সদস্যৰ বিৰুদ্ধে ক’ভিড প্রট’কল ভংগৰ অভিযোগ উত্থাপন হৈছে৷ টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ ৰোহিত শর্মা, ঋষভ পণ্ট, শুভমন গিল, নৱদীপ ছাইনী আৰু পৃথ্বি শ্বই ক’ভিড প্রট’কল ভংগ কৰা বুলি অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমত সদৰী কৰিছে৷
অৱশ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমৰ এই অভিযোগ পোনছাটেই খণ্ডন কৰিছে৷ নৱলদীপ সিং নামৰ এগৰাকী অনুৰাগীয়ে ৰোহিত, পণ্ট, গিল, ছাইনী আৰু শ্বই ৰেষ্টুৰেণ্টত বহি থকাৰ এখন ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে অষ্ট্রেলিয়াৰ ছিডনী হেৰল্ড আৰু দ্য এজ নামৰ সংবাদ–পত্র দুখনে এই বুলি সদৰী কৰিছে যে ৰোহিত শর্মা, ঋষভ পণ্ট, শুভমন গিল, নৱদীপ ছাইনী আৰু পৃথ্বি শ্বই মেলব’নস্থিত ছিক্রেট কিছন আৰু বার্বিকিউ ৰেষ্টুৰেণ্টৰ ভিতৰত বহি খাদ্য খাইছিল৷
ক’ভিড প্রট’কল অনুসৰি খেলুৱৈসকলে কেৱল ৰেষ্টুৰেণ্টৰ বাহিৰতহে খাদ্য খাব পাৰে৷ অষ্ট্রেলিয়াৰ সংবাদ–পত্র দুখনে ভাৰতীয় খেলুৱৈ কেইগৰাকীয়ে প্রট’কল ভংগ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এই সন্দর্ভত কয় যে এয়া অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমৰ এক ষড়যন্ত্র৷ খেলুৱৈসকলে প্রট’কল সন্দর্ভত সকলো কথা জ্ঞাত৷ মেলব’ৰ্ন টেষ্টত ভাৰতীয় দলটোৰ হাতত অষ্ট্রেলিয়াই পৰাস্ত হোৱাৰ পিছৰে পৰাই দেশখনৰ সংবাদ–পত্রসমূহে ভাৰতীয় দলটোৰ ওপৰত নতুন নতুন অভিযোগ তোলাৰ চেষ্টা অব্যাহত ৰাখিছে৷
অষ্ট্রেলিয়া দলটোৰ ব্যর্থতা ঢ়াকিবৰ বাবে সংবাদ–পত্রকেইখনে এনেকুৱা ষড়যন্ত্র ৰচিছে বুলি বি চি চি আয়ে উল্লেখ কৰিছে৷ উল্লেখ্য যে শুকুৰবাৰে নৱলদীপ সিং নামৰ ক্রিকেট অনুৰাগীগৰাকীয়ে মেলব’ৰ্নৰ এখন ৰেষ্টুৰেণ্টত ভাৰতীয় দলটোৰ তাৰকা খেলুৱৈকেইগৰাকীক দেখা পোৱাৰ পিছতে তেওঁলোকক অধিক সময় চোৱাৰ বাবে ভাৰতীয় দলটোৰ ক্রিকেটাৰকেইগৰাকীলৈ খাদ্যৰ যোগান ধৰিছিল৷ ক্রিকেটাৰ কেইগৰাকীক এই সন্দর্ভত একো নোকোৱাকৈ অনুৰাগীগৰাকীয়ে খাদ্যৰ বিলো পৰিশোধ কৰিছিল৷ অৱশ্যে অনুৰাগীগৰাকীয়ে এই ঘটনাটোৰ বাবে পিছত ছ’চিয়েল মিডিয়াৰ জৰিয়তে ক্ষমাও মাগিছিল৷