নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহৰ বিশ্রামে নতুন জীৱন দিছে অষ্ট্রেলিয়ান অধিনায়ক আৰ’ন ফিনছক

২০২৩ত ভাৰতত বিশ্বকাপ খেলাৰ সপোন

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ দীঘলীয়া লকডাউনৰ ফলত লাভ কৰা ছমাহৰ বিশ্রামে নতুন জীৱন দিছে অষ্ট্রেলিয়ান অধিনায়ক আৰ’ন ফিনছক৷ ইয়াৰ বাবে তেওঁ ২০২৩ত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপ খেলাৰ লক্ষ্য লৈছে৷

মেলব’ৰ্নৰ সংবাদ মাধ্যমৰ আগত আজি এই কথা সদৰী কৰে অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন তথা সীমিত অভাৰ দলৰ অধিনায়ক ফিনছে৷ ‘প্রায় ছমাহৰ বিৰতিৰ পিছত মোৰ ক্রিকেট কেৰিয়াৰে নতুন জীৱন লাভ কৰিছে৷ এতিয়া মই ২০২৩লৈ অবিৰাম গতিত খেলি থাকিব বিচাৰোঁ৷

ভাৰতত অনুষ্ঠিত হ’বলগীয়া ২০২৩ৰ এদিনীয়া বিশ্বকাপত দেশক প্রতিনিধিত্ব কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰাই নিজকে সাজু কৰিম৷’ ফিনছে কয়৷ উল্লেখ্য যে অহা ৪ ছেপ্টেম্বৰৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি–২০ আৰু এদিনীয়া শৃংখলাত ফিনছ বাহিনীয়ে প্রত্যাৱর্তন ঘটাব৷

You might also like