বর্ষাপাৰাত মুস্তাক আলী টি–২০ৰ মেচ
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ আগশাৰীৰ টি–২০ প্রতিযোগিতা মুস্তাক আলী ট্রফীৰ গ্রুপ বিৰ মেচসমূহ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বি চি চি আয়ে ঘোষণা কৰা ঘৰুৱা ক্রিকেট ছিজনৰ সম্পূর্ণ সূচী অনুসৰি অহা ৪ নৱেম্বৰৰ পৰা দেশৰ ৬ স্থানত আৰম্ভ হ’ব মুস্তাক আলী টি–২০৷
লক্ষ্ণৌ, বৰোদা, দিল্লী, হাৰিয়ানা আৰু বিজয়ৱাড়াৰ সৈতে গুৱাহাটীয়ে এই প্রতিযোগিতা আয়োজনৰ দায়িত্ব লাভ কৰিছে৷ বর্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া বি গ্রুপৰ মেচসমূহৰ বাবে গুৱাহাটীলৈ আহিব কর্ণাটক, মুম্বাই, বৰোদা আৰু পশ্চিমবংগৰ দৰে শক্তিশালী দল৷ এই গ্রুপৰ আন দুটা দল হ’ল ছত্তিশগড় আৰু ছার্ভিচেছ৷ বর্ষাপাৰাত অহা ৪ নৱেম্বৰত বংগই ছত্তিশগড়, কর্ণাটকে মুম্বাই আৰু বৰোদাই ছার্ভিচেছৰ বিৰুদ্ধে খেলিব৷ একেদৰে ৫ নৱেম্বৰত কর্ণাটকে ছত্তিশগড়, বংগই বৰোদা আৰু ছার্ভিচেছে মুম্বাইৰ বিৰুদ্ধে খেলপথাৰত নামিব৷
আনহাতে, ৬ নৱেম্বৰত কর্ণাটকে ছত্তিশগড়, বংগই মুম্বাই, আৰু বৰোদাই ছত্তিশগড়ৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ গ্রুপ এৰ মেচসমূহ লক্ষ্ণৌ, গ্রুপ চিৰ মেচসমূহ বৰোদা, গ্রুপ ডিৰ মেচসমূহ দিল্লী, গ্রুপ ইৰ মেচসমূহ হাৰিয়ানা আৰু প্লেট গ্রুপৰ মেচসমূহ বিজয়ৱাড়াত খেলোৱা হ’ব৷
উল্লেখ্য যে গুৱাহাটীৰ অত্যাধুনিক বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত বিগত বর্ষত আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱে ৰাজ্যৰ ক্রিকেট অনুৰাগীক হতাশ কৰিছিল৷ ইয়াৰ পূর্বে বর্ষাপাৰাত অসম ক্রিকেট সন্থাই তিনিখন আন্তঃৰাষ্ট্রীয় মেচ আয়োজন কৰিছিল৷ চৈয়দ মুস্তাক আলী ট্রফীৰ জৰিয়তে দীর্ঘদিনৰ মূৰত গুৱাহাটীলৈ ক্রিকেটৰ উন্মাদনা উভতি আহিব