৫০ বছৰৰ মূৰত অ’ভেলত টীম ইণ্ডিয়াৰ জয়
চতুর্থ টেষ্টঃ কোহলি বাহিনীৰ দুর্দান্ত বলিঙৰ সন্মুখত দিশহাৰা ইংলেণ্ড
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ইংলেণ্ডৰ দুর্গ হিচাপে পৰিচিত দ্য অ’ভেলত চমকপ্রদ জয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই৷ সুদীর্ঘ ৫০ বছৰৰ অপেক্ষাৰ অন্ত পেলাই বিৰাট কোহলি বাহিনীয়ে অ’ভেলত অনুষ্ঠিত চতুর্থ টেষ্টত স্মৰণীয় জয়ৰ সোৱাদ লাভ কৰিছে৷ ৩৬৮ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ খেলপথাৰত নমা ইংৰাজ বাহিনীয়ে সোমবাৰে অন্তিম দিনা টীম ইণ্ডিয়াৰ দুর্দান্ত বলিং আক্রমণৰ সন্মুখত দিশহাৰা হৈ মাত্র ২১০ ৰানতে ইনিংছ সামৰে৷
আলহী দলটোৱে ১৫৭ ৰানৰ বৃহৎ জয় সাব্যস্ত কৰাৰ মূলতে আছিল তাৰকা বেগী বলাৰ উমেশ যাদৱ, যশপ্রীত বুমৰাহ, শার্দূল ঠাকুৰ আৰু অভিজ্ঞ স্পিনাৰ ৰবীন্দ্র জাদেজা৷ উমেশে ৬০ ৰানত তিনিটা, বুমৰাহে ২৭, শার্দূলে ২২ আৰু জাদেজাই ৫০ ৰান ব্যয় কৰি দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ ভাৰতীয় বলাৰৰ সংঘবদ্ধ আক্রমণৰ সন্মুখত আজি ঘৰুৱা দলটোৰ কোনো এগৰাকী বেটছমেন অধিক সময় ক্রিজত বর্তি থাকিব নোৱাৰিলে৷ কালি অ’পেনাৰ ৰ’ৰী বার্নছ আৰু হাছিব হামিদে প্রথম উইকেটত ৭৭ ৰান যোগ দি ইংলেণ্ডক সুন্দৰ আৰম্ভণি দিছিল যদিও অন্তিমদিনা তেওঁলোকে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ শার্দূল ঠাকুৰে বার্নছক ব্যক্তিগত ৫০ ৰানত আউট কৰি ইংলেণ্ডৰ শিবিৰত প্রথমটো আঘাত হানে৷
ইয়াৰ কিছুসময় পিছতে আক্রমণাত্মক বেটছমেন ডেভিদ মালান ৰান আউট হয়৷ দুটা উইকেট হেৰুৱাই ইংলেণ্ড চাপৰ সন্মুখীন হোৱাৰ সময়তে জাদেজাই হাছিব হামিদক ব’ল্ড কৰি ভাৰতীয় শিবিৰলৈ জয়ৰ আশা কঢ়িয়াই আনে৷ হামিদে ৬৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ অধিনায়ক জ’ ৰুটক ব্যক্তিগত ৩৬ ৰানত শার্দূল ঠাকুৰে পেভিলিয়নমুখী কৰে৷ অ’লী প’প ২, জনী বেয়াৰষ্ট’ ০, মঈন আলী ০, ক্রিছ ৱকছ ১৮, ক্রেইগ অভাৰটন ১০, জেমছ এণ্ডাৰছন ২ ৰানত আউট হয়৷
প্রথম উইকেটত অ’পেনাৰ বার্নছ আৰু হামিদে ১০০ ৰান যোগ দি ভাৰতীয় বলাৰক হতাশ কৰিছিল যদিও সংঘবদ্ধ প্রচেষ্টাৰ ফলত কোহলি বাহিনীয়ে স্মৰণীয় সাফল্য অর্জন কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে দ্য অ’ভেলত ভাৰতে ১৯৭১ চনতে অন্তিমবাৰৰ বাবে টেষ্ট জয়ৰ সোৱাদ পাইছিল৷ অজিত ৱাডেকাৰৰ নেতৃত্বত দলটোৱে সেই ঐতিহাসিক জয় সাব্যস্ত কৰিছিল৷ দ্বিতীয় ইনিংছত ১২৭ ৰানৰ আকর্ষণীয় ইনিংছ খেলি ভাৰতৰ প্রত্যাৱর্তন নিশ্চিত কৰা তাৰকা অ’পেনাৰ ৰোহিত শর্মাই মেন অৱ দ্য মেচ লাভ কৰে৷ আজিৰ জয়েৰে ভাৰতে ৫খন মেচৰ শৃংখলাটোত ২–১ৰ ব্যৱধানত অগ্রগতি অর্জন কৰিছে৷