অসম দলৰ প্রশিক্ষকৰ দায়িত্বত পুনৰ অজয় ৰাত্রা
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ আগন্তুক ঘৰুৱা ছিজনৰ বাবে অসম ছিনিয়ৰ দলৰ প্রশিক্ষক নিযুক্ত হৈছে দেশৰ প্রাক্তন আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰ অজয় ৰাত্রা৷ বিগত বর্ষতো অসম দলৰ প্রশিক্ষকৰ দায়িত্ব পালন কৰা প্রাক্তন ক্রিকেটাৰগৰাকীৰ চুক্তিৰ ম্যাদ পুনৰ এবছৰলৈ অসম ক্রিকেট সন্থাই বৃদ্ধি কৰিছে৷ প্রশিক্ষক ৰাত্রাই ইতিমধ্যে অসম দলৰ প্রস্তুতি শিবিৰত যোগ দিছে৷ ইফালে, অহা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চৈয়দ মুস্তাক আলী টি–২০ প্রতিযোগিতাৰ বাবে আজিৰে পৰা বর্ষাপাৰা ষ্টেডিয়ামত অসম দলৰ বাছনি শিবিৰ আৰম্ভ হৈছে৷ প্রতিযোগিতাখনত অসমে অহা ১০ জানুৱাৰীত হায়দৰাবাদৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷