বাতিল হ’ব সকলো ঘৰুৱা ক্রিকেট প্রতিযোগিতা
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ চলিত বর্ষত ঘৰুৱা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা দেখা নাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ দেশত মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ এতিয়াও দিনকদিনে বৃদ্ধি পাই থকাৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে ২০২০–২১ বর্ষৰ ঘৰুৱা ক্রিকেট ছিজন সম্পূর্ণৰূপে বাতিল কৰাৰ চিন্তাচর্চা আৰম্ভ কৰিছে৷
দেশৰ ক্রিকেটৰ সর্বোচ্চ সংস্থা বিচিচিআইৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি, দেশৰ সাম্প্রতিক পৰিস্থিতি অত্যন্ত উদ্বেগজনক আৰু হাজাৰ হাজাৰ খেলুৱৈয়ে অংশ ল’বলগীয়া ঘৰুৱা ক্রিকেট প্রতিযোগিতা আয়োজনৰ পৰিকল্পনা কৰাটো অসম্ভৱ হৈ পৰিছে৷ ‘যিকোনো প্রকাৰে ঘৰুৱা ক্রিকেট প্রতিযোগিতা আয়োজন কৰিবলৈ আমি প্রচেষ্টা চলাইছিলোঁ৷ কিন্তু শেহতীয়াকৈ দেশত ক’ভিডৰ সংক্রমণ উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে আৰু এনে পৰিস্থিতিত ৩৭টাকৈ ৰঞ্জি ট্রফী দল, ৫টা দুলীপ ট্রফী দল আৰু আন কেইবাটাও ঘৰুৱা ক্রিকেট দলৰ বাবে জৈৱিকভাৱে সুৰক্ষিত আবেষ্টনী তৈয়াৰ কৰাটো ব’ৰ্ডৰ বাবে অসম্ভৱ৷ খেলুৱৈৰ ভ্রমণ আৰু থকা–খোৱাক লৈও সমস্যাৰ সৃষ্টি হ’ব৷ ৰাজ্য আৰু স্থানীয় প্রশাসনৰ পৰা অনুমতি লাভ কৰাটোও সহজ নহ’ব৷’– ব’ৰ্ডৰ সূত্রটোৱে এইদৰে কয়৷
মন কৰিবলগীয়া যে সভাপতি সৌৰভ গাংগুলীয়ে যোৱা ২২ আগষ্টত ৰাজ্যিক ক্রিকেট সন্থাসমূহক পত্রযোগে জানিবলৈ দিছিল যে ব’র্ডে পৰিস্থিতি স্বাভাৱিক হ’লেই ঘৰুৱা ক্রিকেট প্রতিযোগিতা আৰম্ভ কৰিব৷ কমসংখ্যক মেচেৰে ৰঞ্জি ট্রফী, চৈয়দ মুস্তাক আলী টি–২০ ট্রফী আয়োজন কৰিবলৈ ব’র্ডে পৰিকল্পনা যুগুত কৰা বুলিও বাতৰি প্রকাশ পাইছিল৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতা বাতিল হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷