নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপত এমাজনৰ ডেলিভাৰী বয়ৰ চমক

আর্থিক দুৰাৱস্থাৰ সন্মুখীন হৈ ক্রিকেট বাদ দিছিল বাংলাদেশৰ বিৰুদ্ধে স্কটলেণ্ডৰ জয়ৰ নায়ক অলৰাউণ্ডাৰ ক্রিছ গ্রিভছে

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ কিছুদিন আগলৈ এমাজনৰ ডেলিভাৰী বয়ৰ ৰূপত মানুহৰ ঘৰে ঘৰে সামগ্রী বিতৰণ কৰি ফুৰা এগৰাকী উদীয়মান ক্রিকেটাৰে শেহতীয়াকৈ আই চি চি টি–২০ বিশ্বকাপত চমকপ্রদ প্রদর্শনেৰে উজলি উঠিছে৷ বাংলাদেশৰ বিৰুদ্ধে দেওবাৰে স্কটলেণ্ডৰ ৰোমাঞ্চকৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা ৩১ বছৰীয়া এই প্রতিভাৱান ক্রিকেটাৰগৰাকী হ’ল ক্রিছ গ্রিভছ৷ লকডাউনৰ সময়ছোৱাত ক্রিকেট সম্পূর্ণৰূপে বন্ধ হৈ যোৱাত আর্থিক দুৰৱস্থাৰ সন্মুখীন হৈ অলৰাউণ্ডাৰগৰাকীয়ে বাছি লৈছিল উপার্জনৰ নতুন পথ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলাৰ সপোন দেখা খেলুৱৈগৰাকীয়ে চৰম বিত্তীয় সংকটত ভুগি এটা সময়ত ক্রিকেট বাদ দিবলৈ বাধ্য হয় আৰু এমাজনৰ ডেলিভাৰী বয় হিচাপে নতুন কেৰিয়াৰ আৰম্ভ কৰে৷

কিন্তু ক’ভিডজনিত পৰিস্থিতি ক্রমাৎ উন্নত হোৱাত স্কটলেণ্ডলৈ পুনৰ ক্রিকেটৰ পৰিৱেশ ঘূৰি আহে আৰু অধিনায়ক কাঈল ক’টঝাৰৰ অনুৰোধমর্মে তেওঁ ক্রিকেটৰ পথাৰলৈ প্রত্যাৱর্তন ঘটায়৷ টি–২০ বিশ্বকাপৰ প্রাৰম্ভিক ৰাউণ্ডত বাংলাদেশৰ বিৰুদ্ধে কেৰিয়াৰৰ দ্বিতীয়খন আন্তঃৰাষ্ট্রীয় মেচ খেলা গ্রিভছে ২৮টা বলত ৪৫ ৰানৰ আকর্ষণীয় ইনিংছ খেলি বিশ্বৰ ক্রিকেট অনুৰাগীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ বলিঙতো তেওঁ প্রভাৱশালী প্রদর্শনেৰে স্কটলেণ্ডৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ লেগ স্পিনাৰগৰাকীয়ে ছাকিব আল হাছান আৰু মুছফিকুৰ ৰহিমৰ দৰে বাংলাদেশৰ তাৰকা বেটছমেনৰ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ ৰোমাঞ্চকৰ জয়ৰ পিছত স্কটলেণ্ডৰ অধিনায়ক কাঈল ক’টঝাৰে উদীয়মান অলৰাউণ্ডাৰগৰাকীৰ চমকপ্রদ প্রদর্শনক ভূয়সী প্রশংসা কৰি কয় যে কিছুদিন আগলৈ এমাজনৰ ডেলিভাৰী বয় হিচাপে কাম কৰা গ্রিভছৰ এই প্রদর্শন অতুলনীয় আৰু প্রশংসাৰ যোগ্য৷

You might also like