নিয়মীয়া বাৰ্তা ২৯ মেঃ টীম ইণ্ডিয়াৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্রন অশ্বিন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সর্বাধিক উইকেট দখলৰ দৌৰত অৱতীর্ণ হৈছে৷ আইচিচিয়ে প্রথমবাৰৰ বাবে আয়োজন কৰা প্রতিযোগিতাখনত সর্বাধিক উইকেট দখল কৰিবলৈ অফস্পিনাৰগৰাকীয়ে অহা মাহৰ ফাইনেলত চাৰিটা উইকেট দখল কৰিব লাগিব৷ এই মুহূর্তত অষ্ট্রেলিয়াৰ তাৰকা বেগী বলাৰ পেট কামিনছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সর্বাধিক ৭০টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ তেওঁ ১৪খন টেষ্টত এই সাফল্য অর্জন কৰিছে৷ একেদৰে অশ্বিনে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অধীনত ১৩খন মেচ খেলি এতিয়ালৈকে ৬৭টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ তেওঁৰ পিছতে আছে নিউজিলেণ্ডৰ অভিজ্ঞ বেগী বলাৰ টীম ছাউদি৷ তেওঁ ১০খন মেচৰ পৰা ৫১টা উইকেট লাভ কৰিছে৷ উল্লেখ্য যে অশ্বিনে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অধীনত ভাৰতৰ মাটিত ৯খন, অষ্ট্রেলিয়াত ৩খন আৰু নিউজিলেণ্ডত এখন টেষ্ট খেলিছে৷ ঘৰৰ মাটিত খেলা টেষ্টকেইখনত দুর্দান্ত প্রদর্শনেৰে তাৰকা অফস্পিনাৰগৰাকীয়ে ৫২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷