চাকৰি হেৰুৱালে অষ্ট্রেলিয়াৰ বেটিং প্রশিক্ষকে
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা বিৰূপ প্রভাৱৰ পৰিপ্রেক্ষিতত ক্রিকেট অষ্ট্রেলিয়াই ইয়াৰ ৪০গৰাকীকৈ কর্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে৷
চাকৰি হেৰুওৱাসকলৰ ভিতৰত অন্যতম হ’ল দলটোৰ বেটিং প্রশিক্ষক গ্রেম হিক৷ অষ্ট্রেলিয়াৰ মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰে এই কথা সদৰী কৰে৷ ‘ক্রিকেট অষ্ট্রেলিয়াই বৃহৎ বিত্তীয় লোকচানৰ মোকাবিলা কৰিবলৈ ১৫ শতাংশ কর্মচাৰীক অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছে৷
এই অনুসৰি মুঠ ৪০গৰাকী লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে৷ মোৰ সহযোগী প্রশিক্ষক গ্রেম হিকো এই তালিকাৰ ভিতৰত আছে৷ তেওঁক এই কথা জনাবলৈ মই সাহস গোটাব পৰা নাই৷’ প্রশিক্ষক লেংগাৰে এইদৰে উল্লেখ কৰে৷