নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্সিং ডে’ টেষ্টলৈ টীম একাদশ ঘোষণা; ২ জন খেলুৱৈয়ে কৰিব অভিষেক

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ বাবে ভাৰতীয় দলটোৱে শুকুৰবাৰে একাদশৰ নাম ঘোষণা কৰে। মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ এটা দিনৰ পূৰ্বে বি চি চি আইয়ে টুইট যোগে এই বিষয়ে অৱগত কৰে।

দলটোত মুঠ চাৰিটা মুখ্য পৰিৱৰ্তন কৰা হৈছে। এই অনুসৰি, কাইলৈ ভাৰতীয় দলৰ দুজন খেলুৱৈয়ে টেষ্টত অভিষেক লাভ কৰিব। বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতীয় দলটোৰ কমাণ্ড ল’ব অজিংকা ৰাহানে। লগতে বেটছমেন চেতশ্বৰ পূজাৰাক দলৰ উপ-অধিনায়কত্বত দেখা যাব।

উল্লেখ্য যে অ’পেনাৰ পৃথ্বি শ্বৰ স্থানত প্ৰথমবাৰলৈ টেষ্ট দলত অভিষেক কৰিব শুভমন গিলে৷ আনহাতে আঘাতৰ বাবে শৃংখলাৰ পৰা আঁতৰি থকা বেগী বলাৰ মোহাম্মদ শ্বামিৰ স্থানত মেচখনত অভিষেক ঘটাব মোহাম্মদ চিৰাজেও।

ইফালে, ঋদ্ধিমান সাহাৰ স্থানত বক্সিং ডে’ টেষ্টত ঋষভ পণ্টক উইকেটকীপাৰ ৰূপে অন্তভুক্ত কৰা হৈছে। লগতে ফিটনেছ পৰীক্ষাত অৱতৰণ হোৱাৰ পিছত দলটোৰ প্ৰবীণ অলৰাউণ্ডৰ ৰবীন্দ্ৰ যাদেজাও দললৈ উভটি আহিছে।

You might also like