নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেপ্তেম্বৰত ভাৰতলৈ অষ্ট্রেলিয়ান ক্রিকেট দল

টীম ইণ্ডিয়াৰে খেলিব তিনিখন টি–২০ মেচ

নিয়মীয়া বাৰ্তা, ১১ মেঃ টি–২০ বিশ্বকাপৰ পূর্বে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া অষ্ট্রেলিয়াৰ বিপক্ষে ঘৰুৱা শৃংখলাত অৱতীর্ণ হ’ব৷ এই বছৰৰ ছেপ্ঢেম্বৰত তিনিখন মেচৰ টি–২০ শৃংখলাৰ বাবে ভাৰতলৈ আহিব অষ্ট্রেলিয়া৷ বিশ্বকাপৰ প্রস্তুতিৰ বাবেই পৰস্পৰৰ মুখামুখি হ’ব দুয়োটা দল৷ যোৱাবাৰৰ খিতাপ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে অতিৰিক্ত প্রস্তুতি চলাই আছে অষ্ট্রেলিয়াই৷ বিশ্বকাপলৈ দল গঠনৰ বাবে আলহী দলটোৱে পৰীক্ষা–নিৰীক্ষা চলাই যাব বুলিও অষ্ট্রেলিয়াৰ ক্রিকেট ব’র্ডে জনাইছে৷

ইপিনে, বিশ্বকাপৰ পূর্বে ভাৰতীয় দলেও কেইবাখনো টি–২০ মেচত অংশগ্রহণ কৰিব৷ জুনত দক্ষিণ আফ্রিকা ভ্রমণলৈ যাব ভাৰত৷ দুয়োখন দেশৰ মাজত পাঁচখন টি–২০ মেচ অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি–২০ মেচ খেলিব ৰোহিত শর্মাৰ দলটোৱে৷ আনহাতে, ইংলেণ্ড ভ্রমণত যোৱা বছৰ ক’ৰোনাৰ বাবে অনুষ্ঠিত নোহোৱা পঞ্চমখন টেষ্টৰ উপৰি তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচ খেলিব৷ ইয়াৰ বিপৰীতে ভাৰত ভ্রমণৰ উপৰি ঘৰুৱা খেলপথাৰতে কেইবাখনো শৃংখলাত অৱতীর্ণ হ’ব অষ্ট্রেলিয়া৷ দলটোৱে জিম্বাব’ৱে, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অ’ভাৰ ক্রিকেট শৃংখলাত অৱতীর্ণ হ’ব৷ চলিত বছৰৰ অক্টোবৰ আৰু নৱেম্বৰতেই অষ্ট্রেলিয়াত অনুষ্ঠিত হ’ব এইবাৰৰ টি–২০ বিশ্বকাপ৷

You might also like