নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ মাহলৈ খেলিব নোৱাৰে আয়াৰে

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা শ্রেয়াছ আয়াৰক অতিকমেও চাৰি মাহ খেলপথাৰত দেখা নাযাব৷ ইংলেণ্ডৰ বিৰুদ্ধে মঙলবাৰে অনুষ্ঠিত প্রথম এদিনীয়াত কান্ধত গুৰুতৰ আঘাতৰ সন্মুখীন হোৱা মিডল অর্ডাৰ বেটছমেনগৰাকী সম্পূর্ণ সুস্থ হৈ খেলপথাৰলৈ উভতিবলৈ প্রায় ৪–৫ মাহৰ প্রয়োজন হ’ব৷ ইয়াৰ ফলত তেওঁ সমাগত আই পি এলত দিল্লী কেপিটেলছক নেতৃত্ব দিব নোৱাৰিব৷ আগষ্টত টীম ইণ্ডিয়াৰ ইংলেণ্ড ভ্রমণলৈকেও আয়াৰ সুস্থ হৈ উঠাৰ সম্ভাৱনা নাই৷ বি চি চি আয়ে এক বিবৃতিত এই কথা সদৰী কৰিছে৷

উল্লেখ্য যে প্রথম এদিনীয়াত জ’নী বিয়েৰষ্ট’ৰ এটা শ্বট আয়ত্ত কৰিবলৈ যোৱাৰ সময়ত টীম ইণ্ডিয়াৰ মিডল অর্ডাৰ বেটছমেনগৰাকীয়ে বাঁও কান্ধত গুৰুতৰ আঘাতৰ সন্মুখীন হৈছিল৷ এপ্রিলৰ প্রথম সপ্তাহত তেওঁৰ কান্ধৰ অস্ত্রোপচাৰ সম্পন্ন হ’ব বুলি ব’ৰ্ডৰ এক সূত্রই জানিবলৈ দিছে৷

দিল্লী কেপিটেলছৰ সহঃ স্বত্বাধিকাৰী পার্থ জিন্দালে আয়াৰৰ আশু আৰোগ্য কামনা কৰিছে আৰু শীঘ্রে খেলপথাৰলৈ শক্তিশালী ৰূপত উভতি আহিব বুলি আশা কৰিছে৷ শেহতীয়াকৈ দিল্লী কেপিটেলছে শ্রেয়াছ আয়াৰকে আগন্তুক আই পি এলৰ অধিনায়ক হিচাপে পুনৰ এবাৰ দায়িত্ব অর্পণ কৰিছিল৷ আই পি এলৰ পিছতে তেওঁ কাউণ্টী ক্রিকেটত লংকাশ্বায়াৰৰ হৈ খেলাৰ কথা আছিল৷

You might also like