আইপিএল আয়োজনক লৈ বিচিচিআইলৈ প্রস্তাৱ ইউ এ ইৰ
নিয়মীয়া বাৰ্তা ৮ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজনক লৈ এতিয়াও দোমোজাত বিচিচিআই৷ বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে ভাৰততো ক’ৰোনা ভাইৰাছে সংহাৰ ৰূপ ধাৰণ কৰিছে যদিও ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আইপিএলখন আয়োজনৰ আশা এতিয়াও এৰি দিয়া নাই৷ চলিত বর্ষৰ শেষৰ পিনে প্রতিযোগিতাখন আয়োজন কৰিব পাৰিব বুলি বিচিচিআই আত্মবিশ্বাসী হৈ থকাৰ সময়তে ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন আয়োজন কৰাৰ আগ্রহ প্রকাশ কৰিছে সংযুক্ত আৰব আমীৰ শ্বাহীয়ে৷ প্রতিযোগিতাখন আয়োজন কৰাৰ প্রস্তাৱ ইতিমধ্যে বিচিচিআইলৈ প্রেৰণ কৰিছে সংযুক্ত আৰব আমীৰ শ্বাহীয়ে৷ গ’ল্ফ নিউজ নামৰ সংবাদ–পত্রখনে সদৰী কৰা মতে, যদি ভাৰতত ক’ৰোনাৰ প্রকোপ নকমে তেতিয়াহ’লে ইউ এ ইয়ে বিচিচিআইৰ ঐশ্বর্যশালী প্রতিযোগিতাখন আয়োজন কৰিবলৈ সম্পূর্ণৰূপে সাজু আছে৷ ইতিমধ্যে সাধাৰণ নির্বাচনৰ বাবে ২০১৪ চনত ইউ এ ইয়ে আই পি এল আয়োজন কৰিছিল আৰু ভাৰতত ক’ৰোনাৰ বাবে চলিত বর্ষৰ প্রতিযোগিতাখন আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে৷ এনে অৱস্থাত আইপিএলৰ ত্রয়োদশ সংস্কৰণটো পাতিবলৈ ইউ এ ই ক্রিকেট ব’ড সম্পূর্ণৰূপে সাজু আছে বুলি সম্পাদক মুবাচ্ছিৰ ওছমানিয়ে মন্তব্য কৰে৷