১,৬৭৫ কোটি হেৰুৱাব বিচিচিআয়ে
চাইনিজ কোম্পানী বয়কট কৰিলে বিপদৰ সন্মুখীন হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড
নিয়মীয়া বাৰ্তা, ২০ জুনঃ লাডাখত ভাৰতীয় সেনাৰ ওপৰত চীনা সৈন্যৰ বর্বৰ আক্রমণৰ পিছতে দেশজুৰি চীনৰ বিৰুদ্ধে বিক্ষোভৰ জুই জ্বলিছে৷ চীনা সামগ্রী বর্জনেৰে চীনক অর্থনৈতিকভাৱে আঘাত হানিবলৈ দেশৰ চৌদিশে দাবী উত্থাপন হোৱাৰ সময়তে অস্বস্তিৰ সন্মুখীন হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ কিয়নো, দেশৰ ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে স্পনছ’ৰশ্বিপ চুক্তিত আবদ্ধ হৈ থকা অধিকাংশ কোম্পানী হ’ল চাইনিজ৷
দেশত চীনা সামগ্রী অথবা চাইনিজ কোম্পানী বর্জনৰ সিদ্ধান্ত কার্যকৰী হ’লে অতি কমেও ১,৬৭৫ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব বি চি চি আই৷ এই বৃহৎ পৰিমাণৰ স্পনছ’ৰশ্বিপ ডীলত লোকচানৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ ব’র্ডে চাইনিজ কোম্পানীৰ পৰা লাভ কৰা প্রায় এহেজাৰ কোটিৰ বিজ্ঞাপন ৰাজহো হেৰুৱাবলগীয়া হ’ব৷
উল্লেখ্য যে বিশ্বৰ সবাতোকৈ ঐশ্বর্যশালী ক্রিকেট ব’ৰ্ড বি চি চি আয়ে আই পি এলৰ টাইটেল স্পনছ’ৰৰ বাবে চাইনিজ কোম্পানী ভিভ’ৰ পৰা পাঁচ বছৰৰ বাবে ২,২০০ কোটি লাভ কৰে৷ একেদৰে পে টি এমৰ সৈতে ৩২৬ কোটি, ড্রীম ইলেভেনৰ সৈতে ২১০ কোটি, ছুইগিৰ সৈতে ৫০ কোটি, বাইঝুৰ সৈতে ১,০৭৯ কোটিৰ বৃহৎ লেনদেন চুক্তিত আবদ্ধ হৈ আছে৷ আই পি এলৰ টাইটেল স্পনছ’ৰ চুক্তিৰ বিনিময়ত ভিভ’ৱে ব’ৰ্ডক ইতিমধ্যে ৪৫০ কোটি আগবঢ়াইছে যদিও পৰৱর্তী দুবছৰৰ বাবে ৯০০ কোটি আদায় দিবলগীয়া আছে৷
একেদৰে পে টি এমৰ পৰা ব’র্ডে ১৮০ কোটি, ড্রীম ইলেভেনৰ পৰা ১৫০ কোটি, ছুইগিৰ পৰা ২৫ কোটি, বাইঝুৰ পৰা ৪২০ কোটি পাবলগীয়া হৈ আছে৷ চৰকাৰে চাইনিজ কোম্পানী ভাৰতত নিষিদ্ধ কৰিলে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এই চাইনিজ কোম্পানীসমূহৰ পৰা লাভ কৰিবলগীয়া বৃহৎ পৰিমাণৰ ধনৰাশি হেৰুৱাবলগীয়া হ’ব৷ ইফালে, এই সন্দর্ভত ব’ৰ্ডৰ কোষাধ্যক্ষ অৰুণ ধুমালে প্রতিক্রিয়া ব্যক্ত কৰিছে৷ তেওঁ কৈছে যে আই পি এলত চাইনিজ স্পনছ’ৰশ্বিপে ভাৰতীয় অর্থনীতিক সহায় কৰি আছে৷
‘সমগ্র দেশ এতিয়া আৱেগিক হৈ আছে৷ আমাৰ বীৰ সেনাসকলৰ ওপৰত চীনৰ বর্বৰ আক্রমণক সকলোৱে ধিক্কাৰ দিছে৷ কিন্তু আই পি এলত চাইনিজ স্পনছ’ৰশ্বিপে ভাৰতীয় অর্থনীতিকহে সহায় কৰিছে৷ ইয়াৰ দ্বাৰা চীন উপকৃত হোৱা নাই৷ আমি আমাৰ দেশৰ সুবিধাৰ বাবেহে চাইনিজ কোম্পানীৰ স্পনছ’ৰশ্বিপ গ্রহণ কৰিছোঁ৷ তেওঁলোকক সহযোগ কৰিবলৈ যোৱা নাই৷’ ধুমালে এইদৰে কয়৷
মন কৰিবলগীয়া যে ভাৰত–চীন সীমান্তৰ লাডাখস্থিত গলৱান উপত্যকাত দুদিন পূর্বে চীনা সৈন্যৰ বর্বৰ আক্রমণত ভাৰতৰ ২০গৰাকীকৈ সেনাই প্রাণ হেৰুৱাবলগীয়া হৈছিল৷ ইয়াৰ পিছতে সমগ্র দেশত চীনা সামগ্রী বর্জনৰ দাবী উঠিছে৷