ধোনীৰ বাবে বিদায়ী মেচৰ চিন্তা–চর্চা বি চি চি আইৰ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ স্বাধীনতা দিৱসৰ সন্ধিয়া বিশ্বৰ অগণন ক্রিকেটপ্রেমীক হতচকিত কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা মহেন্দ্র সিং ধোনীৰ বাবে বিদায়ী মেচ আয়োজনৰ ইচ্ছা প্রকাশ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷
এই সন্দর্ভত ব’র্ডে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীৰ সৈতে শীঘ্রেই আলোচনা কৰিব৷ বি চি চি আইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আজি এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে সম্প্রতি কোনো আন্তঃৰাষ্ট্রীয় শৃংখলা নথকাত ধোনীৰ বাবে আমি আই পি এলৰ পিছত বিদায়ী মেচ আয়োজনৰ চিন্তা–চর্চা কৰিছোঁ৷ আই পি এলৰ সময়ছোৱাত আমি তেওঁৰ সৈতে এই বিষয়ত আলোচনা কৰিম৷ কিয়নো, দেশৰ বাবে তেওঁ যথেষ্টখিনি কৰিছে আৰু তেওঁ সকলো সন্মানৰ যোগ্য৷ ধোনী এগৰাকী ব্যতিক্রমী খেলুৱৈ৷
কাকো একো উমান নিদিয়াকৈ তেওঁ হঠাতে অৱসৰ ঘোষণা কৰিলে৷ তেওঁৰ বাবে বিদায়ী মেচ আয়োজন কৰিবলৈ পালে বি চি চি আই অত্যন্ত সুখী হ’ব৷ ইফালে, ভাৰতৰ প্রাক্তন ক্রিকেটাৰ মদন লালেও বি চি চি আইৰ এই চিন্তা–চর্চাক আদৰণি জনাইছে৷ ধোনীৰ দৰে এগৰাকী কিংবদন্তি খেলুৱৈক স–সন্মানেৰে বিদায় দিয়া উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে ধোনী এগৰাকী চেম্পিয়ন খেলুৱৈ আৰু তেওঁ সাধাৰণ খেলুৱৈৰ দৰে বিদায় ল’ব নোৱাৰে৷
‘এইবাৰ আই পি এল ইউ এ ইত অনুষ্ঠিত হোৱাত দেশৰ ক্রিকেট অনুৰাগীয়ে ধোনীৰ খেল উপভোগ কৰিব নোৱাৰিব৷ সকলো অনুৰাগীয়ে তেওঁক পুনৰ খেলপথাৰত প্রত্যক্ষ কৰিব বিচাৰে৷ বি চি চি আয়ে ধোনীৰ বাবে দেশৰ মাটিত এখন শৃংখলা আয়োজন কৰিব পাৰে৷ যাতে ভাৰতীয় দর্শকে ধোনীৰ খেল স্বচক্ষে উপভোগ কৰিব পাৰে৷’ মদন লালে এইদৰে কয়৷
ইয়াৰ পূর্বে ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনেও টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীৰ বাবে বিদায়ী মেচ আয়োজন কৰাৰ দাবী উত্থাপন কৰিছিল৷ বি চি চি আইক তেওঁ এই আহ্বান জনাই কৈছে যে ধোনীৰ বাবে আয়োজিত ফেয়াৰৱেল মেচখন ঝাৰখণ্ডে আয়োজন কৰিব বিচাৰে৷
উল্লেখ্য যে ২০০৭ত টি–২০ বিশ্বকাপ, ২০১১ত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ত আই চি চি চেম্পিয়নছ ট্রফী জয় কৰি ইতিহাস ৰচা ধোনীয়ে যোৱা ১৫ আগষ্টৰ সন্ধিয়া সকলোকে আচৰিত কৰি অৱসৰৰ কথা ঘোষণা কৰে৷