প্রথম টেষ্টৰ পূর্বে আঘাতত জর্জৰিত অষ্ট্রেলিয়া
অ’পেনাৰক লৈ সমস্যাঃ ৱার্নাৰৰ পিছত বাহিৰ পুক’ভস্কি, মার্কাছ হেৰিছক আমন্ত্রণ
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ ভাৰতৰ বিৰুদ্ধে অহা ১৭ ডিচেম্বৰৰ পৰা এডিলেইডত খেলিবলগীয়া বহু প্রত্যাশিত প্রথম টেষ্টৰ পূর্বে আঘাতত জর্জৰিত হৈছে ঘৰুৱা দল অষ্ট্রেলিয়া৷ আঘাতৰ বাবে দলটোৰ তাৰকা অ’পেনাৰ ডেভিদ ৱার্নাৰ ইতিমধ্যে প্রথম টেষ্টৰ পৰা বাহিৰ হোৱাৰ পিছত এইবাৰ উদীয়মান অ’পেনাৰ উইল পুক’ভস্কিও আঘাতৰ বাবে এডিলেইড টেষ্টৰ পৰা বাহিৰ হৈছে৷ ভাৰতৰ বিৰুদ্ধে খেলা প্রস্তুতি মেচত পুক’ভস্কিয়ে মূৰত আঘাতৰ সন্মুখীন হৈছিল৷ অষ্ট্রেলিয়াৰ ৰাষ্ট্রীয় নির্বাচক ট্রেভৰ হনছে আজি এক বিবৃতিযোগে এই কথা সদৰী কৰিছে৷ ‘ডেভিদ ৱার্নাৰৰ পিছত উইল পুক’ভস্কি আঘাতৰ বাবে প্রথম টেষ্টৰ পৰা বাহিৰ হৈছে৷ পুক’ভস্কিৰ সলনি আমি দললৈ আমন্ত্রণ জনাইছোঁ ফর্মত থকা অ’পেনাৰ মার্কাছ হেৰিছক৷ ভিক্টোৰিয়াৰ হৈ চলিত ঘৰুৱা ছিজনত তেওঁ দর্শনীয় প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ তিনিদিনীয়া প্রস্তুতি মেচত মার্কাছে ইতিমধ্যে ভাৰতীয় বলিং আক্রমণৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা লাভ কৰিছে৷ গতিকে, প্রথম টেষ্টত তেওঁক লৈ আমি আশাবাদী৷’ নির্বাচক ট্রেভৰে এইদৰে কয়৷ উল্লেখ্য যে আঘাতৰ বাবে বাহিৰ হোৱা ৱার্নাৰৰ স্থানত উদীয়মান অ’পেনাৰ পুক’ভস্কিক অষ্ট্রেলিয়াৰ মূল একাদশত স্থান দিয়াৰ পৰিকল্পনা কৰিছিল ঘৰুৱা দলটোৱে৷ কিন্তু তেওঁৰ আঘাতে প্রথম টেষ্টৰ পূর্বে কেংগেৰু বাহিনীক বিপদত পেলাইছে৷ দলত আন এগৰাকী বিশেষজ্ঞ অ’পেনাৰ জ’ বার্নছ আছে যদিও তেওঁৰ শেহতীয়া দুর্বল ফর্মে অষ্ট্রেলিয়াক চিন্তাত ৰাখিছে৷ শেহতীয়া আঠটা ইনিংছত মাত্র ৬১ ৰান সংগ্রহ কৰিবলৈ সক্ষম হোৱা বার্নছে ভাৰতৰ বিৰুদ্ধে চলি থকা দিবা–নৈশ প্রস্তুতি মেচখনতো প্রথমটো বলতে আউট হয়৷ ইফালে, টেষ্ট দলটোত স্থান লাভৰ অন্যতম দাবীদাৰ প্রতিভাৱান অলৰাউণ্ডাৰ কেমেৰুন গ্রীনো ভাৰতৰ বিৰুদ্ধে প্রস্তুতি মেচত মূৰত আঘাতৰ সন্মুখীন হৈছে৷ শুকুৰবাৰে যশপ্রীত বুমৰাহৰ এটি আক্রমণাত্মক শ্বটে কেমেৰুন গ্রীনৰ মূৰত প্রচণ্ড আঘাত কৰিছিল৷ ইয়াৰ পিছতে তেওঁ খেলপথাৰ ত্যাগ কৰিবলগীয়া হৈছিল৷ প্রথম টেষ্টলৈ মাজত মাথোঁ চাৰিটা দিন বাকী থকা অৱস্থাত চাৰিগৰাকীকৈ খেলুৱৈৰ আঘাতে ঘৰুৱা দল অষ্ট্রেলিয়াৰ শিবিৰক উদ্বিগ্ণ কৰি তুলিছে৷