ছমাহলৈ বাহিৰ ভুবনেশ্বৰ কুমাৰ
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ আই পি এলৰ সময়ত ভৰিৰ মাংসপেশীত আঘাতৰ সন্মুখীন হোৱা তাৰকা বেগী বলাৰ ভুবনেশ্বৰ কুমাৰ ছমাহৰ বাবে খেলপথাৰৰ বাহিৰ হৈছে৷ আগন্তুক বর্ষৰ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ সময়ছোৱাতহে তেওঁক পুনৰ খেলপথাৰত দেখাৰ সম্ভাৱনা আছে৷ ৩০ বছৰীয়া তাৰকাগৰাকীয়ে অহা মাহৰ পৰা বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত নিজকে সুস্থ কৰি তোলাৰ প্রক্রিয়া আৰম্ভ কৰিব৷ চৈয়দ মুস্তাক আলী টি–২০ৰ বাবে ঘোষিত উত্তৰ প্রদেশ দলতো ভুবনেশ্বৰক অন্তর্ভুক্ত কৰা হোৱা নাই৷