নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই ইণ্ডিয়ানছৰ বৃহৎ জয়

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ  ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আই পি এলত দুর্দান্ত প্রদর্শন অব্যাহত ৰাখিছে৷ আবু ধাবিত কালি অনুষ্ঠিত এখন মেচত ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে কলকাতা নাইট ৰাইডার্ছক আঠ উইকেটত পৰাস্ত কৰে৷ ১৪৯ ৰানৰ লক্ষ্যৰ পিছ লৈ দলটোৱে ১৬.৫ অ’ভাৰতে মাত্র দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ অ’পেনাৰ কুইণ্টন ডি ককে ৭৮ ৰানৰ অপৰাজিত ইনিংছ খেলে৷ অধিনায়ক ৰোহিতে ৩৫ আৰু সূর্য কুমাৰ যাদৱে ১০ ৰান কৰি আউট হয়৷ হার্দিক পাণ্ডিয়া ২১ ৰানত অপৰাজিত হৈ ৰয়৷ ইয়াৰ পূর্বে টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত গ্রহণ কৰি কলকাতা নাইট ৰাইডার্ছে নির্ধাৰিত ২০ অ’ভাৰত পাঁচ উইকেটৰ বিনিময়ত মাত্র ১৪৮ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ পেট কামিনছে অপৰাজিতভাৱে ৫৩ আৰু অধিনায়ক ইয়ন মৰগানে অপৰাজিতভাৱে ৩৯ ৰানৰ যুঁজাৰু ইনিংছ খেলে৷ কামিনছে ৩৬ বলত পাঁচটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে অর্ধশতকীয় ইনিংছটো সজায়৷ মৰগানে ২৯টা বল খেলি দুটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰী কোবায়৷

শুভমন গিলে ২১, ৰাহুল ত্রিপাঠীয়ে ৭, নীতিশ ৰাণাই ৫, দীনেশ কার্তিকে ৪ আৰু আন্দ্রে ৰাছেলে ১২ ৰান কৰি আউট হয়৷ এটা সময়ত দলটোৱে মাত্র ৬১ ৰানত পাঁচটা উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হয় যদিও মৰগান আৰু কামিনছে দলক সন্মানজনক স্ক’ৰৰ দিশে আগুৱাই নিয়ে৷ মুম্বাইৰ হৈ লেগ স্পিনাৰ ৰাহুল চহৰে ১৮ ৰানত দুটা উইকেট দখল কৰে৷ ট্রেণ্ট বল্ট, নীল কুল্টাৰনাইল, যশপ্রীত বুমৰাহে এটাকৈ উইকেট পায়৷

You might also like