নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিয়ে ক্ৰিকেট এৰি কিছুদিন বিশ্ৰাম ল’ব লাগে, কোনে ক’লে

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ যদি কেৰিয়াৰ দীঘলীয়া কৰিব বিচাৰিছে, তেন্তে টীম ইণ্ডিয়া তথা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে অতি সোনকালে আই পি এলৰ পৰা নাম প্ৰত্যাহাৰ কৰা উচিত। এই মন্তব্য টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। আন্তঃৰাষ্ট্ৰীয় আৰু আই পি এত কোহলিয়ে দাঙি ঘৰা দুৰ্বল ফৰ্ম সন্দৰ্ভত ৰবি শাস্ত্ৰীয়ে কয় যে কোহলিয়ে ক্ৰিকেট এৰি কিছুদিন বিশ্ৰাম ল’ব লাগে। কিছুদিনৰ বিশ্ৰামে তেওঁক আৰু সতেজ কৰি তুলিব আৰু হেৰুওৱা ফৰ্ম ওভোতাই পাব। কোহলিয়ে বিশ্ৰামহীনভাৱে খেলি অহাৰ ফলত ভাগৰুৱা হৈ পৰিছে আৰু সেয়ে ভাল প্ৰদৰ্শনত ব্যৰ্থ হৈছে।

You might also like