ব্রাজিলৰ হৈ দ্বিতীয় সর্বাধিক গ’ল নেইমাৰৰ
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত জয়ৰ ধাৰা অব্যাহত আছে ব্রাজিলৰ৷ মঙলবাৰে নিশা পেৰুৰ লিমাত অনুষ্ঠিত গ্রুপ পর্যায়ৰ মেচখনত ব্রাজিলে ঘৰুৱা দল পেৰুক ৪–২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷ মেচখনত ব্রাজিলৰ হৈ নেইমাৰে হেটট্রিক অর্জন কৰি এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ মেচখনৰ ২৮, ৮৩ আৰু ৯৪ মিনিটত গ’ল স্ক’ৰ কৰি নেইমাৰে ব্রাজিলৰ সর্বকালৰ সর্বাধিক গ’ল কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে কৃতিত্ব অর্জন কৰে৷ তাৰকা ফুটবলাৰগৰাকীয়ে ১০৩খন মেচত অংশগ্রহণ কৰি ৬৪টা গ’ল স্ক’ৰ কৰি প্রাক্তন খেলুৱৈ ৰ’নাল্ডো নাজাৰি’ৰ ৬২টা গ’লৰ অভিলেখটো ভংগ কৰে৷ মেচখনত ব্রাজিলৰ হৈ আনটো গ’ল স্ক’ৰ কৰে ৬৪ মিনিটত ৰিছার্লিছ’নে৷ উল্লেখ্য যে ব্রাজিলে এতিয়ালৈকে দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰি ছয় পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষত আছে৷ ইফালে, আর্জেণ্টিনায়ো নিজৰ জয়যাত্রা অব্যাহত ৰাখিছে৷ যোৱানিশা বলিভিয়াত অনুষ্ঠিত মেচখনত মেছি বাহিনীয়ে ঘৰুৱা দল বলিভিয়াক ২–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷ আর্জেণ্টিনায়ো এতিয়ালৈকে দুখন মেচ খেলি দুয়োখনতে জয়লাভ কৰি মুঠ ছয় পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে৷ আনহাতে, ইকুৱেডৰে উৰুগুৱেক ৪–২ গ’লত আৰু পাৰাগুৱেই ভেনিজুৱেলাক ১–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে যদিও চিলিয়ে কলম্বিয়াৰে ২–২ গ’লত ড্র খেলি পইণ্ট ভগাই লয়৷