৩৬ বছৰৰ পিছত ফিফা বিশ্বকাপলৈ কানাডা
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ সুদীর্ঘ ৩৬ বছৰৰ পিছত ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতালৈ যোগ্যতা অর্জন কৰিলে কানাডাই৷ দেওবাৰে নিশা কানাডাৰ টৰ’ণ্টোৰ বি এম অ’ ফিল্ডত অনুষ্ঠিত ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ মেচখনত কানাডাই জামাইকাক ৪–০ গ’লত বিধ্বস্ত কৰি কাটাৰত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰে৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে কানাডাই ১৯৮৬ চনত প্রথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবলত অংশগ্রহণ কৰিছিল৷ যোৱানিশাৰ বিজয় অপৰিহার্য মেচখনত কানাডাই প্রথমৰ পৰাই সংঘবদ্ধ খেল খেলি প্রতিপক্ষ জামাইকাক চাপত ৰাখিবলৈ সক্ষম হৈছিল৷ ঘৰুৱা দর্শকৰ সমর্থন লাভ কৰি উজ্জীৱিত খেল দাঙি ধৰা কানাডাই মেচখনৰ ১৩ মিনিটত জামাইকাৰ শিবিৰত প্রথমটো আঘাত হানে৷ ছাইল লাৰিনে কানাডাৰ হৈ প্রথমটো গ’ল স্ক’ৰ কৰে৷
ইপিনে ৪৪ মিনিটত টাজ’ন বুকানান, ৮২ মিনিটত জুনিয়ৰ হলিয়েটে গ’ল স্ক’ৰ কৰি কানাডাক ৩–০ গ’লত অগ্রগতি প্রদান কৰাৰ পিছত খেলখন শেষ হ’বলৈ ২ মিনিট বাকী থকা অৱস্থাত অর্থাৎ ৮৮ মিনিটত জামাইকা এক আত্মঘাতী গ’লৰ সন্মুখীন হয়৷ ফলত কানাডাই মেচখনত ৪–০ গ’লত বিজয় সাব্যস্ত কৰে৷ ইফালে, আমেৰিকাই পানামাক ৫–১ গ’লত পৰাস্ত কৰি কাটাৰলৈ টিকট কাটিছে৷ দেওবাৰে নিশা ফ্ল’ৰিডাৰ এক্সপ্ল’ৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত একপক্ষীয় মেচখনত ক্রিষ্টিয়ান পুলিছিকৰ হেটট্রিকৰ সহায়ত আমেৰিকাই পানামক ৫–১ গ’লত পৰাস্ত কৰে৷ ১৭ মিনিটত প্রথমটো গ’ল স্ক’ৰ কৰা পুলিছিকে প্রথমার্ধৰ ইনজুৰি সময়ত দ্বিতীয়টো আৰু ৬৫ মিনিটত তৃতীয়টো গ’ল স্ক’ৰ কৰি হেটট্রিক অর্জন কৰে৷ আমেৰিকাৰ হৈ ২৩ মিনিটত প’ল এৰি’লা আৰু ২৭ মিনিটত জেছাছ ফেৰেইৰাই এটাকৈ গ’ল স্ক’ৰ কৰে৷ ইফালে পানামাৰ হৈ ৮৬ মিনিটত একমাত্র গ’লটো স্ক’ৰ কৰে এনিবেল গ’ডীয়ে৷