দীর্ঘদিনৰ অন্তত অনুশীলনত নামিল পূজাৰা
নিয়মীয়া বাৰ্তা ২৩ জুনঃ অৱশেষত অনুশীলনত নামিল ভাৰতীয় ক্রিকেট দলটোৰ আগশাৰীৰ বেটছমেন শ্বেতেশ্বৰ পূজাৰা৷ লকডাউনৰ বাবে অন্যান্য খেলুৱৈসকলৰ লগতে বিগত মার্চ মাহৰ পৰাই ঘৰতে আবদ্ধ হৈ থকা পূজাৰাই সোমবাৰে গৃহ চহৰৰ এখন খেলপথাৰত বেটিং অনুশীলন কৰে৷ ৩২ বছৰীয়া বেটছমেনগৰাকীয়ে বহু সময় ধৰি বেটিং অনুশীলন কৰে আৰু তেওঁৰ এই অনুশীলনৰ ফটো ইনষ্টাগ্রামৰ জৰিয়তে ৰাজহুৱা কৰে৷
উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে টীম ইণ্ডিয়াৰ খেলুৱৈসকলে বিগত মার্চ মাহৰ পৰাই অনুশীলনৰ পৰা বিৰত আছিল যদিও শেহতীয়াভাৱে কেন্দ্রীয় চৰকাৰে ভাৰতীয় দলটোৰ খেলুৱৈসকলক নিজ নিজ গৃহ চহৰৰ খেলপথাৰত অনুশীলন কৰাৰ অনুমতি প্রদান কৰিছিল৷ ইয়াৰ পৰিপ্রেক্ষিততেই পূজাৰাই আজি গৃহ চহৰৰ নিকটৱর্তী এখন খেলপথাৰত বেটিং অনুশীলন চলায়৷