ক’ভিড নিগেটিভ: শংকামুক্ত ভাৰত
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ছিডনী টেষ্টলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত বৃহৎ সকাহ লাভ কৰিছে টীম ইণ্ডিয়াই৷ ৰোহিত শর্মাকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ক্রিকেটাৰৰ ক’ভিড প্রট’কল ভংগৰ অভিযোগক লৈ শেহতীয়াকৈ টীম ইণ্ডিয়াক বিতর্কই ঘেৰি ধৰাৰ সময়তে দলটোৰ সকলো সদস্যৰ ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ পোৱা গৈছে৷ বি চি চি আয়ে এই কথা প্রকাশ কৰিছে৷
উল্লেখ্য যে তৃতীয় টেষ্টৰ বাবে ভাৰতীয় দলৰ খেলুৱৈসকল মেলব’নৰ পৰা দেওবাৰে ছিডনী অভিমুখে ৰাওনা হোৱাৰ পূর্বে অষ্ট্রেলিয়া ক্রিকেট ব’র্ডে সকলো খেলুৱৈ, প্রশিক্ষক আৰু ছাপ’ট ষ্টাফৰ ক’ভিড টেষ্ট সম্পন্ন কৰিছিল৷ দুদিন পূর্বে ৰোহিত শর্মা, পৃথ্বি শ্ব, ঋষভ পণ্ট, শুভমন গিল আৰু নৱদীপ ছাইনীয়ে মেলব’নৰ এখন ৰেষ্টুৰেণ্টত আহাৰ গ্রহণ কৰি ক’ভিড প্রট’কল ভংগ কৰা বুলি অষ্ট্রেলিয়ান সংবাদ মাধ্যমে অভিযোগ তোলাৰ পিছতে ক্রিকেট অষ্ট্রেলিয়াই অধিক কঠোৰ হৈ ভাৰতীয় খেলুৱৈসকলৰ ক’ভিট টেষ্ট সম্পন্ন কৰে৷ এই টেষ্টৰ নিগেটিভ ফলাফল আলহী দলটোৰ বাবে মনোবল বৃদ্ধিকাৰক হিচাপে চিহ্ণিত হৈছে৷
মন কৰিবলগীয়া যে ৰোহিতকে ধৰি টীম ইণ্ডিয়াৰ পাঁচগৰাকী খেলুৱৈৰ বিৰুদ্ধে ক’ভিড প্রট’কল ভংগৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ক্রিকেট অষ্ট্রেলিয়াই তেওঁলোকক আইছ’লেচনত ৰখাৰ সিদ্ধান্ত লয়৷ মেলব’ন টেষ্টত অষ্ট্রেলিয়া শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত আয়োজক দেশখনৰ সংবাদ মাধ্যমে উদ্দেশ্যপ্রণোদিতভাৱে ভাৰতীয় খেলুৱৈসকলৰ ওপৰত চাপ সৃষ্টিৰ বাবে এইধৰণৰ বিতর্কৰ সূত্রপাত ঘটোৱা বুলি বি চি চি আয়ে দাবী কৰিছে৷ ভাৰতীয় খেলুৱৈসকলৰ বিৰুদ্ধে কোনো তদন্ত কৰা নহয় বুলিও ব’র্ডে স্পষ্ট কৰি দিছে৷