নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাৰ শিবিৰত ক’ৰোনাঃ ভাৰত–শ্রীলংকাৰ এদিনীয়াৰ সূচী সলনি

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ভ্রমণকাৰী দল টীম ইণ্ডিয়া আৰু শ্রীলংকাৰ মাজত ১৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ সূচী সালসলনি ঘটোৱা হৈছে৷ নতুন সূচী অনুযায়ী দুয়ো দলৰ মাজৰ এই শৃংখলাটো ১৮ জুলাইৰ পৰা আৰম্ভ হ’ব৷ ঘৰুৱা দল শ্রীলংকাৰ শিবিৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰাত এদিনীয়া শৃংখলাটোৰ সূচী সালসলনি ঘটোৱাৰ সিদ্ধান্ত লয় দুয়োটা দলৰ ক্রিকেট ব’র্ডে৷ দুয়ো দেশৰ মাজত হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ সূচী আজি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে সদৰী কৰিছে৷

প্রথমখন এদিনীয়া ১৮ জুলাইত খেলোৱাৰ পৰিৱর্তে দ্বিতীয়খন ২০ জুলাইত আৰু তৃতীয়খন ২৩ জুলাইত খেলোৱা হ’ব৷ তিনিওখন এদিনীয়া মেচ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

ইফালে, এদিনীয়া শৃংখলাটোৰ পিছতে ভাৰতীয় দলটোৱে সিংহলী বাহিনীৰে তিনিখনীয়া টি–২০ মেচৰ শৃংখলাত অংশ ল’ব৷ শৃংখলাটোৰ প্রথমখন মেচ ২৫ জুলাইত আৰম্ভ হোৱাৰ বিপৰীতে ২৭ জুলাইত দ্বিতীয়খন আৰু ২৯ জুলাইত তৃতীয়খন মেচ খেলোৱা হ’ব৷

উল্লেখ্য যে শ্রীলংকা ক্রিকেট দলটোৰ বেটিং প্রশিক্ষক গ্রাণ্ট ফ্লাৱাৰ আৰু ডাটা বিশেষজ্ঞ জি টি নিৰ’চানে ক’ৰোনাত আক্রান্ত হোৱাৰ পিছতে দুয়ো দেশৰ মাজৰ শৃংখলাটো কিছুদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে বি চি চি আই আৰু শ্রীলংকান ক্রিকেট ব’র্ডে৷

You might also like